NE

বাঘজান অগ্নিকাণ্ডৰ পাছত নিষিদ্ধ হোৱা ‘জন এনাৰ্জী’ক পুনৰ OILৰ দায়িত্ব, সকীয়নি আলফা(স্বাঃ)ৰ…

বাঘজান অগ্নিকাণ্ডৰ পাছত নিষিদ্ধ হোৱা ‘জন এনাৰ্জী’ক পুনৰ অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্ব অৰ্পন।

অইল ইণ্ডিয়া লিমিটেডে ‘জন এনাৰ্জী’ নামৰ গুজৰাটৰ বহুজাতিক প্ৰতিষ্ঠানক নিষিদ্ধ কৰাৰ পাছত পুনৰ একেটা প্ৰতিষ্ঠানকে বাঘজানত খনিজ তেল অন্বেষণ কৰিবলৈ দায়িত্ব দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে।

এক প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে অইন ইণ্ডিয়া লিমিটেডৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰি অইল ইণ্ডিয়া লিমিটেডক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।

আলফা স্বাধীনে অইল ইণ্ডিয়া লিমিটেডৰ এনে জনবিৰোধী কাৰ্য্যৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাইজক প্ৰবল প্ৰতিৰোধ গঢ়ি তোলাৰ বাবেও প্ৰেছ বিবৃতি যোগে আহ্বান জনায়।

আলফা স্বাধীনে নিজৰ প্ৰেছ বিবৃতিত লিখিছে- ‘অইল ইণ্ডিয়া লিমিটেড আৰু জন এনাৰ্জী নামৰ গুজৰাটৰ বহুজাতিক প্ৰতিষ্ঠানটোৰ দায়িত্বজ্ঞানহীন কৰ্ম হেমাহীৰ বাবে ২৭ মে’ ২০২০ তাৰিখে তিনিচুকীয়াৰ বাঘজনস্থিত ৫ নং তৈলকূপত অবিৰতভাৱে বিষাক্ত দাহ্য গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত ৯ জুন ২০২০ তাৰিখে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যাৰ ফলত শ শ পৰিয়ালে তেওঁলোকৰ শস্য-পথাৰ, ঘৰ ভেটি হেৰুৱাবলগীয়া হোৱাৰ লগতে কেইবা গৰাকী ব্যক্তিয়ে অকাল মৃত্যুক আকোৱালি ল’বলগীয়া হয়। অইল ইণ্ডিয়া লিমিটেড আৰু জন এনাৰ্জীৰ বিৰুদ্ধে অসমৰ জনগণে প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ ফলত অৱশেষত অইল ইণ্ডিয়াই জন এনাৰ্জীক নিষিদ্ধ কৰিছিল যদিও সম্পৰ্তি পুনৰ সেই জন এনাৰ্জীকে বাঘজানত খনিজ তেল অন্বেষণ কৰিবলৈ দায়িত্ব অৰ্পন কৰিছে।’

image 2

Leave a Reply

Your email address will not be published. Required fields are marked *