NE

অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত মন্ত্ৰী পীয়ুষ হাজৰিকা

নিৰ্বাচিত হ’ল অসম টেবুল টেনিছ সংস্থাৰ নতুন সভাপতি।

মন্ত্ৰী পীয়ুষ হাজৰিকাক অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতিৰ দায়িত্ব।

বিজেপিৰ যুৱ নেতা মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছত খালী হৈ আছিল অসম টেবুল টেনিছ সন্থাৰ সভাপতি পদটো।

অসম টেবুল টেনিছ সংস্থাই আয়োজন কৰা ভাৰ্চুৱেল বিশেষ সাধাৰণ সভাত জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক অসম টেবল টেনিছ এছ’চিয়েশ্যনৰ (আটা) সভাপতি হিচাপে নিৰ্বাচিত কৰে।

সভাত ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ পৰ্যবেক্ষকো উপস্থিত আছিল।

সভাৰ সভাপতিত্ব কৰিছিল সন্থাৰ উপ–সভাপতি মুনীন নবিশে। সভাত উপস্থিত আছিল সাঃ সম্পাদক ত্ৰিদীপ দুৱৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *