মৰ্মান্তিক! বিদ্যালয়ত অনুষ্ঠিত ক্ৰীড়া দিৱসৰ অনুষ্ঠানত ভাগ লোৱাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ..

নিউজ ডেস্কঃ বিদ্যালয়ত অনুষ্ঠিত ক্ৰীড়া দিৱসৰ দৌৰ প্ৰতিযোগিতাত ভাগ লোৱাৰ সময়তে আকস্মিকভাৱে ঢলি পৰি মৃত্যুক সাৱটি ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পানীপটৰ আছান্ধ ৰোডত।

জানিব পৰা মতে, ছেইণ্ট মেৰী কনভেণ্ট স্কুলত আয়োজন কৰা ক্ৰীড়া দিৱসৰ দৌৰত ভাগ লৈছিল বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰ দক্ষইও।

কিন্তু প্ৰতিযোগিতাত অংশ লোৱাৰ সময়তে হঠাৎ ঢলি পৰে ছাত্ৰজন।

image 179
মৰ্মান্তিক! বিদ্যালয়ত অনুষ্ঠিত ক্ৰীড়া দিৱসৰ অনুষ্ঠানত ভাগ লোৱাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ.. 2

নাকেৰে ৰক্তক্ষৰণ ঘটা ছাত্ৰজনক লগে লগে এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লখ্য যে, পানীপটৰ চিংক গাঁৱৰ নিৱাসী ১৩ বছৰীয়া দক্ষ আছিল পিতৃ-মাতৃৰ একমাত্ৰ সন্তান। ছাত্ৰজনৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

আৰক্ষীয়ে ছাত্ৰজনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।