মৰ্মান্তিক! জনাঞ্চলত উপদ্ৰৱ চলোৱা বন্যহস্তীক খেদি পঠিয়াবলৈ গৈ হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী বনকৰ্মীৰ, আহত আন এজন…

নিউজ ডেস্কঃ বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত আতংকৰ সৃষ্টি কৰা এটা অকলশৰীয়া বনৰীয়া হাতীক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ যাওতেই হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন বনকৰ্মীয়ে।

ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আন এগৰাকী বনকৰ্মীও।

এই শোকাবহ ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ ধৰমতুল আঞ্চলিক বন বিভাগৰ অন্তৰ্গত শিলচাঙত।

জানিব পৰা মতে, বনাঞ্চলৰ পৰা ওলাই অহা এটা অকলশৰীয়া হাতীয়ে বিগত কেইবাদিনো ধৰি শিলচাং অঞ্চলত উপদ্ৰৱ চলাই আহিছিল।

বন্যহস্তীটোৱে দেওবাৰে আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ পৰা এক কিলোমিটাৰ দূৰৈত অৱস্থান কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে বনকৰ্মীৰ এটা তিনিজনীয়া দলে হাতীটোক পুনৰ বনৰ মাজলৈ খেলি পঠিয়াবলৈ যায়।

ইফালে বন কৰ্মীৰ দলটোক প্ৰত্যক্ষ কৰিয়েই হাতীটোৱে চোঁচা মাৰি আহি প্ৰথমে এগৰাকী বনকৰ্মীক শূৰেৰে ধৰি বনৰ মাজলৈ দলিয়াই দিয়ে।

যাৰ ফলত গুৰুতৰভাৱে আহত হয় গোপাল শইকীয়া নামৰ বনকৰ্মীজন।

ইফালে এই দৃশ্য প্ৰত্যক্ষ কৰি হাতীটোক প্ৰতিৰোধ কৰিবলৈ বন্দুক উলিওৱাৰ সময়তে হাতীটোৱে ঘনকান্ত দাস নামৰ আন এজন বনকৰ্মীৰ ওপৰতো আক্ৰমণ চলায়।

হাতীৰ আক্ৰমণত দুজনকৈ বনকৰ্মী আহত হোৱাত তৃতীয়জন বনকৰ্মীয়ে কোনোমতে সেই স্থানৰ পৰা দৌৰি পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

পিছত স্থানীয় লোক আৰু বন বিভাগৰ লোকে চিঞৰ বাখৰ কৰাত হাতীটো বনাঞ্চলৰ মাজলৈ গুচি যায়।

ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী দুজনক লগে লগে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে ঘনকান্ত দাসৰ।

বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে আনগৰাকী আহত বনকৰ্মী গোপাল শইকীয়া।

ধৰমতুলৰ শান্তিপুৰৰ নিৱাসী বনকৰ্মী ঘনকান্ত দাসৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।