মেঘালয়ত কৰ্তব্যৰত অৱস্থাত বিএছএফ জোৱানৰ আকস্মিক মৃত্যু

নিউজ ডেস্ক। কর্তব্যৰত অৱস্থাত মৃত্যু বিএছএফ জোৱানৰ। মেঘালয়ৰ কৰ্মস্থলীত মৃত্যু হয় জোৱানজনৰ।

জোৱানজনক মৃত্যুঞ্জয় চতুৰ্বেদী (৫০) বুলি জানিব পৰা যায়। জোৱানজন উত্তৰ প্ৰদেশৰ বৰহজৰ হৰনাহ গাঁৱৰ বুলি জনা যায়।

241356556-2845924295719326-712310941570014988-n

জোৱানজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই তেঁওৰ স্ব-গৃহত বিৰাজ কৰিছিল এক শোকাকুল পৰিৱেশে। তেওঁ মেঘালয়ত লাভ কৰিছিল নিযুক্তি।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, তেওঁ পৰিয়ালৰ সৈতে শুকুৰবাৰে নিশা ১২ বজাত ভিডিঅ’ কলত কথা পাতিছিল।

241181232-139910668329187-3425108552935393639-n

আনহাতে দেওবাৰে বিভাগীয় বিষয়াসকলে ঘৰলৈ প্ৰেৰণ কৰিছিল তেওঁৰ মৃত্যুৰ খবৰ।

তেওঁৰ মৃত্যুৰ খবৰ শুনি পৰিয়ালৰ সকলো হতবাক হৈ পৰিছিল। পিতৃৰ মৃত্যুৰ খবৰ শুনি পুত্ৰ কন্যা দুয়ো অচেতন হৈ পৰে। তেওঁলোকক দেওৰিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে জোৱান মৃত্যুঞ্জয়ৰ মৃত্যুৰ কাৰণ হৃদৰোগ বুলি জানিব পৰা যায়। ইপিনে, সােমবাৰে জােৱানজনৰ নশ্বৰ দেহ ওপজা গাঁওখনত উপস্থিত হােৱাত এক শােকাকুল পৰিৱেশৰ সৃষ্টি হয়।

240903067-140048198315434-6143085939660622468-n

জােৱানজনলৈ শেষ শ্ৰদ্ধা জনায় শ শ লােকে। তাৰ পাছতে সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে সম্পন্ন হয় জােৱানজনৰ অন্ত্যেষ্টিক্ৰিয়া।

Leave a Comment