নিউজ ডেস্কঃ মেঘালয়ত এতিয়াৰে পৰা উপলব্ধ হ’ল ই-চাইকেল শ্বেয়াৰিং। পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থা গঢ়ি তোলা, যান-জঁট হ্ৰাস কৰা আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ লক্ষ্যৰে শ্বিলঙত ‘ৰাইড শ্বিলং’ নামৰ ৰাজহুৱা বৈদ্যুতিক চাইকেল শ্বেয়াৰিং ব্যৱস্থা আৰম্ভ কৰা হৈছে। এই প্ৰকল্পটো উদ্বোধন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই। উদ্বোধনী অনুষ্ঠানত অভিনেতা তথা ফিটনেছ অনুৰাগী মিলিন্দ সুমনো উপস্থিত থাকে।
শ্বিলঙক পথচাৰী আৰু চাইকেল চলোৱাৰ বাবে অনুকূল কৰি তোলাৰ বাবে মেঘালয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়, জি আই জেড (ভাৰত-জাৰ্মান সহযোগিতা), মেঘালয় পৰ্যটন আৰু গ্ৰীণ আৰ্বান মবিলিটি পাৰ্টনাৰশ্বিপৰ সহযোগত এই ৰূপায়ন কৰা হৈছে এই প্ৰকল্প।
মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, “আজি কেৱল নতুন পৰিবহণ ব্যৱস্থাৰ আৰম্ভণি নহয়, আমাৰ চহৰত গতিশীলতাৰ বিষয়ে আমি চিন্তা কৰা ধৰণৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। শ্বিলঙৰ ভূখণ্ড সদায় চাইকেল চলোৱাৰ বাবে এক প্ৰত্যাহ্বান হৈ আহিছে, কিন্তু ইলেক্ট্ৰিক চাইকেলৰ সহায়ত আমি সেই বাধা আঁতৰাইছো। ইয়াৰ দ্বাৰা চাইকেল চলোৱাত উৎসাহ যোগোৱাই নহয় আমাৰ কাৰ্বন ফুটপ্ৰিণ্টো হ্ৰাস পাব।” তেওঁ লগতে কয় যে এই ব্যৱস্থাই কেৱল যান-জঁট হ্ৰাস কৰাই নহয়, মহানগৰীৰ বায়ু পৰিষ্কাৰ কৰি ৰাখিব।
উল্লেখ্য যে, ‘ৰাইড শ্বিলং’ এপটো যিকোনো চাইকেলৰ QR ক’ড স্কেন কৰি ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰি আৰু যাত্ৰাৰ পিছত নিৰ্দিষ্ট ষ্টেচনতহে ৰখাব লাগিব। এই সেৱাৰ বাবে ৫০ টকা দিব লাগিব আৰু অতিৰিক্ত ঘণ্টাৰ বাবে অতিৰিক্ত ৫০ টকা প্ৰদান কৰিব লাগিব।




