নিউজ ডেস্কঃ শেহতীয়া বিতৰ্কৰ মাজতো শ্বিলঙৰ প্ৰতি আকৰ্ষণ হ্ৰাস পোৱা নাই পৰ্যটকৰ। ইয়াৰ বিপৰীতে সকলো জনপ্ৰিয় গন্তব্যস্থানক চেৰ পেলাই দেশৰ ভিতৰতে সৰ্বাধিক অনুসন্ধান কৰা ভ্ৰমণ স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলং। এই তথ্য প্ৰকাশ পাইছে স্কাইস্কেনাৰ ট্ৰেভেল ট্ৰেণ্ডছ ৰিপৰ্ট ২০২৫ত।
প্ৰতিবেদন অনুসৰি, গোৱা, মানালীৰ দৰে জনপ্ৰিয় স্থানক অতিক্ৰম কৰি ভাৰতৰ সৰ্বাধিক অনুসন্ধান কৰা ট্ৰেভেল ডেষ্টিনেশ্যনৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে শ্বিলঙে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে, “পাহাৰ, অৰণ্য আৰু জলপ্ৰপাতৰ সৌন্দৰ্য্যৰে ভৰা এই চহৰখনে বহুদিনৰ পৰাই কৌতুহলী ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ, খাদ্যপ্ৰেমী আৰু সংস্কৃতিপ্ৰেমীৰ হৃদয় জয় কৰি আহিছে।” প্ৰতিবেদন অনুসৰি, বাৰাপানীৰ স্বচ্ছ পানীকে ধৰি এই ছবিৰ দৰে দৃশ্যবোৰ ‘নিখুঁতভাৱে ইনষ্টাগ্ৰামযোগ্য আৰু আত্মালৈ শান্তি আনে’।
প্ৰতিবেদনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ মাজত বিপুল জনপ্ৰিয়তা থকা শ্বিলং ভ্ৰমণৰ বাবে বাৰ্ষিক চেৰী ব্লছম উৎসৱক সৰ্বোত্তম সময় বুলি উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও শ্বিলঙৰ হৃদপিণ্ড গঠন কৰা জীপাল বজাৰ, কেফে আৰু মিউজিক বাৰৰ কথাও উল্লেখ কৰা হৈছে। ডন বস্কো চেণ্টাৰ ফৰ ইণ্ডিজেনাছ কালচাৰত দৰ্শকে অঞ্চলটোৰ জনজাতি, কলা আৰু আচাৰ-অনুষ্ঠানৰ আভাস পাব পাৰে।



