USTMৰ এক সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা মেঘালয় মহিলা কংগ্ৰেছৰ, জনালে এই আহ্বান

নিউজ ডেস্কঃ অসমত চলি থকা উচ্ছেদ অভিযানৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰিছিল মেঘালয়স্থিত শিক্ষা প্ৰতিষ্ঠান ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে। কিন্তু এতিয়া এই সিদ্ধান্তক লৈ ৰাজ্যখনৰ মহিলা নেতৃত্বৰ পৰা বিৰোধিতাৰ সন্মুখীন হৈছে শিক্ষা প্ৰতিষ্ঠানখন।

অসমৰ উচ্ছেদিত গৃহহাৰা ল’ৰা-ছোৱালীৰ শিক্ষা আৰু ভৱিষ্যতৰ দায়িত্ব গ্ৰহণ কৰিব বিচৰা ইউএছটিএমৰ সিদ্ধান্তত আপত্তি প্ৰকাশ কৰিছে মেঘালয় প্ৰদেশ মহিলা কংগ্ৰেছে। জপলিন মহিলা কংগ্ৰেছৰ সভানেত্ৰী স্কট শৈলাই এক বিবৃতিত কয় যে বিশ্ববিদ্যালয়খনে তেওঁলোকৰ ‘মিছন পুনৰ্বাসন শিক্ষা’ কাৰ্যসূচীৰ অধীনত উচ্ছেদিত শিশুসকলক পুনৰ সংস্থাপনৰ সিদ্ধান্ত লৈছে।

শৈলাই কয়, “আমি সাধাৰণভাৱে মানৱীয় সাহায্যৰ বিৰোধিতা নকৰো, কিন্তু আমি দৃঢ় বিশ্বাস কৰোঁ যে এনে পদক্ষেপে প্ৰথমে মেঘালয়ৰ স্থানীয় আৰু জনজাতীয় শিশুৰ কল্যাণক অগ্ৰাধিকাৰ দিব লাগে। বিশেষকৈ খাচী আৰু অন্যান্য জনজাতীয় সম্প্ৰদায়ৰ আৰ্থিক আৰু সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ ল’ৰা-ছোৱালী বিশ্ববিদ্যালয়খনৰ অগ্ৰাধিকাৰ হোৱা উচিত।”

মহিলা কংগ্ৰেছে দাবী জনাইছে যে যিহেতু বিশ্ববিদ্যালয়খন মেঘালয় ভূখণ্ডত অৱস্থিত আৰু অঞ্চলটোৰ সম্পদ ব্যৱহাৰ কৰে, গতিকে আনক সহায় কৰাৰ আগতে ৰাজ্যখনৰ প্ৰাপ্য সন্তানৰ উন্নয়নত গুৰুত্ব দিব লাগে। শৈলাই লগতে কয় যে মেঘালয়ৰ জনজাতীয় জনসাধাৰণ বিশেষকৈ যুৱক-যুৱতীসকলে এতিয়াও গুণগত শিক্ষা, আৰ্থিক সাহায্য, আৰু জীৱিকাৰ সুযোগ লাভৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এইবোৰ অগ্ৰাধিকাৰৰ ভিত্তিত সমাধান কৰিব লাগে।

মহিলা কংগ্ৰেছে উপাচাৰ্য আৰু ইউ এছ টি এম প্ৰশাসনক তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। বৃহত্তৰ কল্যাণমূলক পদক্ষেপৰ নামত যাতে স্থানীয় লোকৰ স্বাৰ্থ আৰু ভৱিষ্যতৰ লগত আপোচ বা আওকাণ নহয় তাৰ বাবে আহ্বান জনায়।

আনহাতে, ৰাজ্য চৰকাৰ আৰু অন্যান্য সংশ্লিষ্ট পক্ষক এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু মেঘালয়বাসীৰ অধিকাৰ আৰু আকাংক্ষা ৰক্ষাৰ বাবে পদক্ষেপ ল’বলৈও দলটোৱে আহ্বান জনায়।

Leave a Comment