নিউজ ডেস্কঃ বনভোজলৈ গৈ আৰক্ষী বিষয়া বন্ধুৰ চাৰ্ভিছ পিষ্টল হাতত লওঁতেই এজন যুৱকৰ সৈতে সংঘটিত হ’ল অঘটন। ভুলবশতঃ পিষ্টলৰ পৰা বাহিৰ হোৱা গুলীয়ে যুৱকজনৰ মূৰত আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৱাণ্ডা-অ’ নাজিৰ নামৰ যুৱকজন। মেঘালয়ৰ জোৱাইৰ চিণ্টু কোছিয়াৰত সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৪:৩০ বজাৰ পৰা ৫ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা। নাজিৰে নাৰাথীৱাট থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক ৱায়ানৰয় চাল্লামৰ সৈতে বনভোজলৈ গৈছিল দেওবাৰে। আৰক্ষীৰ মতে, নাজিৰে সুৰাসক্ত অৱস্থাত বন্ধুৰ পিষ্টলটো হাতত লৈছিল। কিন্তু সেই সময়ত ভুলবশতঃ ট্ৰিগাৰত আঙুলি পৰাত গুলীচালনা হয় আৰু নাজিৰ গুৰুতৰভাৱে আহত হয়। এছ আই চাল্লামে তদন্তকাৰীক জনোৱা মতে, এই ঘটনাৰ পূৰ্বে কোনো কাজিয়া হোৱা নাছিল আৰু এয়া আছিল মাথো এক অনাকাংক্ষিত দুৰ্ঘটনা।
আহত নাজিৰক প্ৰথমে চাল্লামৰ ব্যক্তিগত গাড়ীৰে পানালিয়াৰৰ এম চি এইচলৈ লৈ যোৱা হয়। তাৰ পৰা ছাৱামুছৱাঙৰ উডলেণ্ড হাস্পতাললৈ স্থানান্তৰ কৰা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে শ্বিলঙৰ উডলেণ্ড হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে পিষ্টলটো জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। একে সময়তে এই সন্দৰ্ভত উপ-পৰিদৰ্শক চাল্লামলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।




