মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

নিউজ ডেস্ক। মিজোৰামত পুনৰ আক্ৰমণৰ বলি হ’ল এগৰাকী অসমীয়া যুৱক।

মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মিজোৰামত কৰ্মৰত অসমীয়া যুৱক সজন কুমাৰ শইকীয়া।

photo-2022-01-16-15-41-44

জানিব পৰা মতে, মিজোৰামত ফ’কলেন কোম্পানীত কৰ্মৰত সজন কুমাৰ শইকীয়াক শনিবাৰে নিশা আক্ৰমণ কৰে মিজো দুৰ্বৃত্তৰ এটা দলে।

আইজলৰ কৰ্মস্থলীৰ পৰা ওভতাৰ পথতে অসমীয়া যুৱকজনক ধন দাবী কৰে মিজো দুৰ্বৃত্তই।

আনহাতে দুৰ্বৃত্তৰ দলটোৱে যুৱকজনক মাৰপিট কৰাত গুৰুতৰ ভাৱে আহত হয় সজন কুমাৰ শইকীয়া।

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাবে আহত যুৱকজন সম্প্ৰতি আইজলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে মিজোৰামত অসমীয়া যুৱকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাই ৰাজ্যত পুনৰ এবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

অন্তঃসত্বা পত্নীক এৰি কৰ্মস্থলী ৰঙিয়ালৈ উভতিছিল অজিত, ৰে’ল দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

Leave a Comment