ভয়ংকৰ! বিমানবন্দৰৰ পৰা উৰা মৰাৰ পূৰ্বেই বিমানৰ তলত সোমাল মাৰুতি বাহন…

নিউজ ডেস্কঃ বিমান বন্দৰৰ পৰা উৰা মৰাৰ ঠিক পূৰ্বে বিমানৰ তলত সোমাল এখন মাৰুতী বাহন। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত।

জানিব পৰা মতে, বিমান বন্দৰৰ টাৰ্মিনেল টি-২ত ৰখাই থোৱা এখন ইণ্ডিগ’ বিমানৰ সন্মুখৰ চকাৰ তলত দুৰ্ঘটনাগ্ৰস্ত হয় এখন মাৰুতি চুইফ্ট ডিজায়াৰ বাহন।

বিমান বন্দৰৰ এক সূত্ৰই সদৰী কৰা মতে, ইণ্ডিগ’ৰ বিমানখন দিল্লীৰ পৰা পাটনা অভিমুখে উৰা মৰাৰ ক্ষন্তেক পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনা। অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই।

এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে। এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, বিমানখনে টাৰ্মিনেট টি-২ত উৰণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে সন্মুখৰ চকাৰ তলত সোমাই পৰে মাৰুতি বাহনখন।

বাহনখনৰ চালক সেই সময়ত টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই ঘটনাত কোনো ধৰণৰ ক্ষতিগ্ৰস্ত হোৱা নাই বিমানখন। যাৰ ফলত নিৰ্ধাৰিত সময়তে পাটনা অভিমুখে বিমানখনে উৰা মাৰে।

ইতিমধ্যে এই ভয়ংকৰ দুৰ্ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।