নিউজ ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া বনগাৱঁৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ অভিযানত বৃহৎ পৰিমাণৰ সোণৰ সামগ্ৰী উদ্ধাৰ কৰা হয়।
সোণৰ বিস্কুট, দণ্ড আৰু মুদ্ৰাকে ধৰি উদ্ধাৰ হোৱা সোণখিনিৰ বজাৰ মূল্য প্ৰায় ২২ কোটি টকা।ভাৰত-বাংলাদেশ সীমান্তত ইমান বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰৰ ঘটনা আগতে কেতিয়াও সংঘটিত হোৱা নাই।
অৱশ্যে, সোণ খিনি উদ্ধাৰৰ সময়ত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল বিএছএফ জোৱানসকলে। জোৱানসকলক দেখি সৰবৰাহকাৰী সকলে ইচামতী নদীত জঁপিয়াই পলায়ন কৰিবলৈ সক্ষম হয়।
বিএছএফৰ সূত্ৰ অনুসৰি, চোৰাং ব্যৱসায়ীৰ দলটোৱে এখন নাৱত ইচামতী নদীৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা সময়তে সীমান্তৰক্ষী বাহিনীৰ চকুত পৰে। ইফালে জোৱানসকলে ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বেই চোৰাং ব্যৱসায়ীৰ দলটোৱে নাওখনৰ পৰা জঁপিয়াই বাংলাদেশৰ ফালে পলাই যায়।
ইয়াৰ পিছতে বিএছএফৰ ১৫৮ বেটেলিয়নৰ জোৱানে নাওখন জব্দ কৰে। জব্দকৃত নাওখনত থকা পাঁচটা বেগৰ পৰা তালাচী চলাই জোৱানসকলে বৃহৎ পৰিমাণৰ সোণখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
#BSF big success on the Indo-Bangladesh border recovered 321 gold biscuits, one gold coin, and 04 gold bars weighing about 41.491 kg, worth about Rs. 21.22 crores. #BiggestEverGoldSeizureByBSF #HarGharTiranga #CBSE pic.twitter.com/SKh73SvlBN
— Isha (@isha8946) July 22, 2022
ইয়াৰ ভিতৰত আছিল ৩২১ খন সোণৰ বিস্কুট, ৪ ডাল সোণৰ দণ্ড আৰু ১টা সোণৰ মুদ্ৰা। জব্দ কৰা সোণৰ ওজন প্ৰায় ৪১.৫ কিলোগ্ৰাম হব আৰু যাৰ বজাৰ মূল্য ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ২১.২২ কোটি টকা হব বুলি অনুমান কৰা হৈছে।
বিএছএফে জনোৱা মতে তেওঁলোকৰ নিয়মীয়া অনুসন্ধান অভিযানত কেইবাবাৰো সীমান্ত অঞ্চলৰ পৰা সোণ জব্দ কৰা হয় যদিও বৃহস্পতিবাৰৰ উদ্ধাৰ কৰা ঘটনাটোৱেই হৈছে সাম্প্ৰতিক সময়ত আটাইতকৈ ডাঙৰ সোণ জব্দ কৰাৰ ঘটনা।