ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজত ফ্লাড লাইট বন্ধ হোৱা ঘটনাৰ বাবে আমি দায়ী নহয়- APDCL

দেওবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাইভল্টেজ খেলৰ মাজতে সংঘটিত হোৱা দুটামান ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

খেলৰ মাজতেই সাপ ওলোৱাৰ বিপৰীতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বন্ধ হৈ পৰা ঘটনা সামাজিক মাধ্যমত ই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

খেলৰ মাজত ১৫ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰিল ফ্লাড লাইট।

এই সন্দৰ্ভত বিভিন্ন ক্ৰীড়া অনুৰাগীয়ে অসম ক্ৰিকেট সন্থাৰ লগতে এপিডিচিএলক দোষাৰোপ কৰাও পৰিলক্ষিত হয়।

চৌদিশে বিষয়টো চৰ্চিত হোৱাৰ পাছতেই অৱশেষত এপিডিচিএল কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰিছে।

image 23
ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজত ফ্লাড লাইট বন্ধ হোৱা ঘটনাৰ বাবে আমি দায়ী নহয়- APDCL 2

বিষয়টো সন্দৰ্ভত এপিডিচিএল কৰ্তৃপক্ষই লিখিছে-

‘আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনোৱা হৈছে যে ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় টি-20 খেলৰ সময়ত এটা হাই মাষ্ট ফ্লাড লাইটে কাম কৰা বন্ধ কৰি দিছিল। কিছু আভ্যন্তৰীণ ত্ৰুটিৰ বাবে পোহৰ কেইমিনিটমানৰ বাবে অকাৰ্যকৰী আছিল যিটো অসম ক্ৰিকেট এছ’চিয়েচন (এচিএ)ৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে। এই সমস্যাটোৰ বাবে এপিডিচিএল দায়ী নহয় আৰু সমগ্ৰ অনুষ্ঠানটোত এপিডিচিএলৰ ফালৰ পৰা নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান বজাই ৰখা হৈছিল।