ভাল খবৰ! টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসম সন্তান…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব লাভ এগৰাকী অসম সন্তানৰ।

অসমৰ প্ৰাক্তন ৰঞ্জী ট্ৰফী ক্ৰিকেটাৰ তথা বৰ্তমানৰ আই পি এলৰ দিল্লী কেপিটেল দলৰ ফিল্ডিং প্ৰশিক্ষক শুভদ্বীপ ঘোষ লাভ কৰিছে এই দায়িত্ব।

২৯ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া টীম ইণ্ডিয়াৰ মহিলা দলটোৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব শুভদ্বীপ।

২০১৩ চনত শুভদ্বীপ ঘোষে অসমৰ পৰা গৈ চাৰিটা ট্যুৰত ইণ্ডিয়া এ দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছিল।

অসম আৰু ভাৰতীয় ৰে’লৰ হৈ ১৭খনকৈ প্ৰথম শ্ৰেণীৰ ৰঞ্জী ট্ৰফীৰ খেলত অংশ লোৱা সোঁহতীয়া বেটছমেন আৰু অফ স্পীনাৰ শুভদ্বীপ ঘোষে অসম ৰঞ্জী দলৰ প্ৰশিক্ষকৰ দায়িত্বতো আছিল।

১৯৯৪-৯৫ চনত অসমৰ হৈ ৰঞ্জী ট্ৰফী অভিষেক ঘটোৱা শুভদ্বীপ ঘোষে ১৭খন খেলত অংশ লৈ ৩১৬ ৰান সংগ্ৰহ কৰিছিল। য’ত আছিল দুটা অৰ্ধশতৰানৰ ইনিংছ।

অসমৰ ডিগবৈত জন্মলাভ কৰা শুভদ্বীপ ঘোষৰ বৰ্তমান সময়ত ভাল ফিল্ডিং প্ৰশিক্ষক হিচাপে যথেষ্ট সমাদৰ আছে।

Leave a Comment