পৰিবহণ বিভাগৰ নিৰ্দেশ- ৰাজ্যৰ সকলো স্কুল বাছত CCTV কেমেৰা স্থাপন কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই

নিউজ ডেস্কঃ অসমৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ স্কুল বাছত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে অসম পৰিবহণ বিভাগে।

সোমবাৰে এক বিবৃতি জাৰি কৰা পৰিবহণ বিভাগে সকলো স্কুল বাছত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত চিচিটিভি কেমেৰা স্থাপনৰ নিৰ্দেশ দিয়ে।

ৰাজ্যৰ স্কুল বাছ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নতুন নিৰ্দেশনা গৃহীত কৰাৰ পিছতে এই নিৰ্দেশ জাৰি কৰে পৰিবহণ বিভাগে।

বিভাগে জনোৱা মতে, চিচিটিভি কেমেৰাসমূহ বিদ্যালয় কৰ্তৃপক্ষই নিজেই নিৰীক্ষণ কৰিব লাগিব।

ইয়াৰ উপৰিও সকলো বাছতে জিপিএছ ডিভাইচ স্থাপন কৰাৰ লগতে বাধ্যতামূলকভাৱে প্ৰাথমিক চিকিৎসাৰ কিট ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিদ্যালয় কৰ্তৃপক্ষক সকলো নিৰ্দেশ মানি চলিবলৈ কঠোৰভাৱে কোৱা হৈছে। যিকোনো নিৰ্দেশ উলংঘা কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব বুলিও পৰিবহণ বিভাগে সতৰ্ক কৰি দিয়ে।