
নিউজ ডেস্কঃ ২০১৮ চনত পত্নীক ঘৰৰ ভিতৰত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল এজন যুৱক। যাৰ বাবে ৩ মাহ কাৰাগাৰত থাকিবলগীয়া হোৱাৰ পিছত জামিনত মুকলি আকাশৰ তললৈ ওলাই আহিছিল যুৱকজনে। কিন্তু সেইজন যুৱকেই এতিয়া আলফা স্বাধীনত যোগদান কৰাৰ খবৰ প্ৰকাশ পাইছে।
বিগত কিছু দিনত অসমীয়া যুৱক-যুৱতীৰ আলফা স্বাধীনত যোগদানৰ অনেক খবৰ পোহৰলৈ আহিছে।
শেহতীয়াই আলফাই দুজনকৈ যুৱকক মৃত্যুদণ্ড বিহা স্বত্বেও হ্ৰাস পোৱা নাই আলফা গমণৰ প্ৰৱণতা। তাৰ মাজতে ৰঙিয়াৰ এজন যুৱকো আলফাত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।

ৰঙিয়াৰ বালাগাঁৱৰ নিৱাসী ছিৰাজুল ইছলাম ওৰফে ৰিংকু নামৰ যুৱকজনে আলফা স্বাধীনত যোগ দিয়া সন্দৰ্ভত কোনো পক্ষই নিশ্চিত কৰা নাই যদিও সূত্ৰ অনুসৰি গাঁওবুঢ়াৰ জৰিয়তে এই কথা পৰিয়ালক অৱগত কৰিছে ৰঙিয়া আৰক্ষীয়ে।
জানিব পৰা মতে, ঈদৰ পিছদিনা অৰ্থাৎ ৪ মে’ত ৰিংকুৱে ৰঙিয়া ৰে’লষ্টেচনলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈছিল। আৰু তাৰ পিছতে পৰা সন্ধানহীন হৈ আছে যুৱকজন।
ইয়াৰ পৰৱৰ্তী সময়ত স্থানীয় গাঁওবুঢ়া আৰু ৰঙিয়া আৰক্ষীয়ে যুৱকজন আলফা স্বাধীনলৈ যোৱা বুলি পৰিয়ালক অৱগত কৰে। যাৰ পিছতে পৰিয়ালত উদ্বেগ বৃদ্ধি পায়।

প্ৰকাশ্য যে, ২০১৮ চনত ৰিংকু ওৰফে ছিৰাজুল ইছলামৰ ঘৰত উদ্ধাৰ হৈছিল পত্নীৰ অগ্নিদগ্ধ মৃতদেহ। তাৰ পিছতে ছিৰাজুলৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।
পত্নী গৃহই যুৱকজনৰ বিৰুদ্ধে কেৰাচিন ঢালি পত্নীক জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নলবাৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।
কাৰাগাৰত তিনিমাহ পাৰ কৰাৰ পিছত অৱশেষত জামিন লাভ কৰিছিল ৰিংকুৱে।
লগতে চাওকঃ
