ধনকুবেৰ ছাইবৰ ৰহমানৰ বাসগৃহত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান…

বিতৰ্কিত এচি এছ বিষয়া তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব ছাইবৰ ৰহমানৰ গুৱাহাটীস্থিত বাসগৃহত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান।

মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই ছাইবৰ ৰহমানৰ হাতীগাঁও আৰু বেলতলাত থকা ছাইবৰ ৰহমানৰ দুটাকৈ বিলাসী আৱাসগৃহত তালাচী চলায়।

নিজৰ আয়তকৈ অত্যধিক সম্পত্তিৰ ৰখাৰ বাবে দুৰ্নীতি সম্ৰাট ছাইবৰ বাসগৃহত অভিযান চলে।

অসমৰ ৮৯টা স্থানত আছে ঘৰ-সম্পত্তি, গুৱাহাটীৰ ২৮টা স্থানত আছে ঘৰ মাটি।

দুটা স্থানত প্ৰাসাদোপম অট্টালিকাৰ লগতে ২৬টা স্থানত আছে মাটি।

প্ৰায় ১০০ কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী ছইবুৰ ৰহমান।

ছাইবুৰৰ পত্নী মিনাক্ষী ৰহমানে এআইইউডিএফৰ পৰা টিকট লৈ নিৰ্বাচন খেলিছিল আৰু নিৰ্বাচনত প্ৰায় ৯ কোটি টকা ব্যয় কৰাৰ অভিযোগ উত্থাপন হৈছে।

ডিমা হাচাওত আৰ এইচ খানৰ সৈতে লগ হৈ অভিযুক্ত বিষয়াজনে বহু টকা আত্মসাৎ কৰিছিল বুলি প্ৰকাশ পাইছে৷

ছইবুৰৰ দুগৰাকী পত্নী, ককায়েক, ভায়েকৰ নামত আছে নামে-বেনামে অগাধ সম্পত্তি৷

এই সকলোতে তদাৰকী কোষে অভিযান চলাব বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক ৰজী কলিতাই।

মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই অতি কম দিনৰ ভিতৰত বিতৰ্কিত এচি এছ বিষয়া গৰাকীৰ বিৰুদ্ধে ছাৰ্জশ্বিট দাখিল কৰিব বুলি উল্লেখ কৰে।

Leave a Comment