দুৰ্ঘটনা! পথৰ ওপৰতে বাগৰিল তীব্ৰবেগী ব্ৰিজা বাহন

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাটৰ ৩৭নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল এখন মাৰুতি ব্ৰিজা বাহন।

জানিব পৰা মতে, লামডিঙৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল এ এছ-০২ এ জি-১৩০৫ নম্বৰৰ মাৰুতি ব্রিজা বাহনখন।

G1 9
দুৰ্ঘটনা! পথৰ ওপৰতে বাগৰিল তীব্ৰবেগী ব্ৰিজা বাহন 2

তেনে সময়তে নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে।

ফলত কথমপি প্ৰাণৰক্ষা পৰে চালকজনৰ।

ঘটনাস্থলীত যোৰাবাটৰ যান-বাহন আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰে।