নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ, ডিজিটেলাইজ হ’ল ‘অসম সাহিত্য সভা’।
এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব বহু আপুৰুগীয়া গ্ৰন্থ, সাধুকথা আদি।
সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে মুকলি ডিজিটেল প্লেটফৰ্ম।
https://assamsahityasabha.org ৱেবছাইট মুকলি।
আপুৰুগীয়া গ্ৰন্থ, মূল্যৱান আলোচনা উপলব্ধ হ’ব ৱেবছাইটযোগে।
সাধুকথা উপলব্ধ হ’ব https://linktr.ee/talesfromassam আৰু গ্ৰন্থ কোষ উপলব্ধ হ’ব www.granthakosh.sahityasabha.amtron.in।
এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেলো মুকলি কৰা হয়।
সাহিত্য সভাৰ বা-বাতৰি, পুতলা নাচ আদি উপলব্ধ হ’ব ইউটিউব চেনেলত।
এই অনুষ্ঠানত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ ভৱেশ চন্দ্ৰ গোস্বামী, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে য়াদব, লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।