চালকবিহীন চলন্ত গাড়ীত নেতা পুত্ৰৰ Push Ups! আৰক্ষীৰ পৰা বিশেষ পুৰস্কাৰ লাভ যুৱকৰ

March 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সাধাৰণতে বাইক ষ্টান্টৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত প্ৰায়ে ভাইৰেল হৈ থকা পৰিলক্ষিত হয়। কিন্তু এইবাৰ চালকৰ চকী এৰি চলন্ত গাড়ীত ষ্টান্টৰ এক ভিডিঅ’ সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

গাড়ী মানে বিলাসী স্কৰপিঅ’ গাড়ীৰ ষ্টান্ট। এজন যুৱকে ষ্টান্ট কৰা ভিডিঅ’টোত চলন্ত গাড়ীৰ ওপৰত উঠি Push Ups মৰাও দেখা গৈছে।

এই ভিডিঅ’ উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেখি যুৱক জনৰ বিৰুদ্ধে গ্ৰহণ কৰিলে ব্যৱস্থা।

দৃশ্যটোত দেখা অনুসৰি, যুৱকজনে চলন্ত অৱস্থাত থকা গাড়ীখনৰ ওপৰলৈ প্ৰথমতে বগাই যায়। তাৰ পিছত গাড়ীৰ ওপৰতে কেইবাবাৰো পুচ-আপ মাৰে।

জানিব পৰা মতে, যুৱকজনে এই ষ্টান্টৰ ভিডিঅ’টো গ্ৰহণ কৰিছিল উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ ৰাজপথত।

যুৱকজনক সমাজবাদী পাৰ্টীৰ নেতা কৃষ্ণমুৰাৰী যাদৱৰ পুত্ৰ উজ্জল যাদৱ বুলি চিনাক্ত কৰা হৈছে। ৰাজপথত এই কাৰ্য কৰাৰ বাবে আৰক্ষীয়ে যুৱকজনক ২৫০০ টকা জৰিমনা বিহে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে টুইটাৰত এক ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰে এক আমোদজনক প্ৰতিক্ৰিয়া।

এই কাৰ্যৰ বাবে যুৱকজনক আকৰ্ষণীয় পুৰস্কাৰ হিচাপে ২৫০০ টকাৰ জৰিমনা বিহা হয় বুলি কয় আৰক্ষীয়ে। লগতে এই কাৰ্যৰ বাবে ক্ষমা বিচৰাৰ লগতে এনে কাম আগলৈ নকৰো বুলিও যুৱকজনে ভিডিঅ’টোত কয়।

আৰক্ষীয়ে টুইটাৰত কেপচন দিয়ে, “Some Pushups will only bring you down in the eyes of Law ! Stay Strong, Stay Safe!” অৰ্থাৎ কিছুমান পুচ-আপে আপোনাক আইনৰ দৃষ্টিত তললৈ নমাই আনে। শক্তিশালী হৈ থাকক, সুৰক্ষিত থাকক।

লগতে চাওকঃ

Brake Fail! আগুৱাই যোৱাৰ পৰিৱৰ্তে হঠাৎ ৩৫ কিমি পিছুৱাই আহিল ৰে’ল, Video ভাইৰেল

অৱশেষত আহিল বৰষুণ! আনন্দতে নাচি উঠিল এগৰাকী মহিলা বন বিষয়া, Video ভাইৰেল

মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত কইনাৰ মাতৃ-আইতাসহ ৪ জনৰ মৃত্যু

আজব ঘটনা! ট্ৰাক চলাওঁতে হেলমেট নিপিন্ধাৰ বাবেই চালকে ভৰিব লগা হ’ল ১০০০ টকাৰ জৰিমনা