চাঞ্চল্যকৰ! প্ৰথমে ধনদাবী, তাৰ পাছত দুৰ্বৃত্তৰ গুলীচালনা; আহত হৈ চিকিৎসাধীন এজন…

যোৰহাটৰ এ টি ৰোডত চাঞ্চল্যকৰ ঘটনা।

মাৰোৱাৰীপট্টিত নিশাৰ ভাগত সংঘটিত গুলীচালনাৰ ঘটনা।

এ টি ৰোডৰ ট্ৰাক ষ্টেণ্ডৰ নেৱাল চান্দ ৰামকিষ্ণণ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক এজন যুৱকে গুলীচালনা কৰে।

প্ৰাপ্ত তথ্য অনুসৰি দুজন যুৱকে পিষ্টল লৈ ধন দাবী কৰিছিল। ইতিমধ্যে দুৰ্বৃত্তৰ গুলীত এজন লোক আহত হৈছে।

ঘটনাত আহত লোকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, আহত লোকজন এন আৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰী।

স্থানীয় ৰাইজৰ তৎপৰতাত কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুৰ্বৃত্তক।

ঘটনাস্থলীত উপস্থিত হৈ পিষ্টল লৈ ধন দাবী কৰা যুৱক দুজনৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও আনজন দুৰ্বৃত্ত পলাবলৈ সক্ষম হয়।

আটক ডকাইতটোৰ নাম অৰূপ গগৈ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ধৃত ডকাইতটোৰ পৰা পিষ্টল আৰু ডেগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

পলাতক আনটো ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

অনিমেষ কাণ্ড সংঘটিত হোৱা এবছৰ নৌহওতেই সংঘটিত এই ঘটনাই যোৰহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে।