চাঞ্চল্যকৰ! পত্নীৰ নামত থকা ইঞ্চুৰেন্সৰ ২ কোটি টকাৰ বাবেই পৰিকল্পিতভাৱে হত্যা স্বামীৰ…

নিউজ ডেস্কঃ বীমাৰ প্ৰায় ২ কোটি টকাৰ বাবেই পত্নীক হত্যা কৰিলে স্বামীয়ে।

এই লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জোকাৰিছে ৰাজস্থানৰ লগতে সমগ্ৰ দেশ।

আৰক্ষীয়ে এই ঘটনাৰ তদন্তত সত্য উদঘাটনৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত স্বামীক।

উল্লেখ্য যে, যোৱা ৫ অক্টোবৰত সংঘটিত হৈছিল এক শোকাবহ দুৰ্ঘটনা। মটৰ চাইকেলেৰে মন্দিৰলৈ গৈ থকা এহাল ভাতৃ-ভগ্নীক দ্ৰুতবেগী এছইউভি বাহনে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটিছিল শ্বালু নামৰ মহিলাগৰাকীৰ।

আনহাতে হাস্পতালত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাইছিল ভাতৃ ৰাজুৱেও।

এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে পোহৰলৈ আহে বিস্ফোৰক তথ্য।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনা পৰিকল্পিতভাৱে সংঘটিত কৰিছিল শ্বালুৰ স্বামী মহেশ চান্দে।

শ্বালুৰ নামত থকা ইঞ্চুৰেন্সৰ ধন লাভৰ বাবেই ভাৰাতীয়া হত্যাকাৰী লগাই সংঘটিত কৰিছিল হত্যাকাণ্ড।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মহেশ চান্দৰ পত্নী শ্বালুৰ নামত আছিল এটা জীৱন বীমা। এই বীমা অনুসৰি, স্বাভাৱিক মৃত্যুত এক কোটি আৰু দুৰ্ঘটনাত মৃত্যু হ’লে ১.৯০ কোটি টকা লাভ কৰিব নমিনিয়ে।

আনহাতে দীৰ্ঘদিনৰ পৰাই বিবাদ চলি আহিছিল মহেশ চান্দ আৰু শ্বালুৰ মাজত। তেওঁলোকে বিবাহ পাশত আৱদ্ধ হৈছিল ২০০৫ চনত।

কিন্তু বিয়াৰ পিছতে দুয়োৰে মাজত আৰম্ভ্ হোৱা কাজিয়াৰ বাবেই পৰৱৰ্তী সময়ত স্বামীৰ সংগ এৰি মাতৃগৃহলৈ গুচি আহিছিল শ্বালু।

শেহতীয়াকৈ শ্বালুৰ নামত থকা বীমাৰ ধন লাভৰ বাবেই মহেশ চান্দে ৰচনা কৰিছিল হত্যাৰ ষড়যন্ত্ৰ। সেই অনুসৰি, মুকেশ সিং ৰাথোৰ নামৰ এজন ভাৰাতীয়া হত্যাকাৰীক ১০ লাখ টকাত চুক্তিবদ্ধ কৰিছিল মহেশে। আগধন হিচাপে দিছিল ৫.৫ লাখ টকা।

ইয়াৰ পিছতে মুকেশে আন সতীৰ্থৰ সহায় লৈ ৫ অক্টোবৰত মন্দিৰলৈ যোৱাৰ পথত গাড়ীৰে খুন্দিয়াই হত্যা কৰে শ্বালু আৰু তেওঁৰ ভাতৃক।

আৰক্ষীয়ে ঘটনাৰ ৰহস্য উদঘাটনৰ পিছতে গ্ৰেপ্তাৰ কৰিছে মুকেশ সিং ৰাথোৰ আৰু মহেশ চান্দক। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা এছইউভি খনৰ মালিক ৰাকেশ সিং আৰু এই হত্যাকাণ্ডত জড়িত সোণু নামৰ আন দুজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।