চাঞ্চল্যকৰ! কাশ্মীৰত কৰ্তব্যৰত অসমৰ জোৱান নিতুল হাজৰিকাৰ ৰহস্যজনক মৃত্যু…

এক ৰহস্যজনক ঘটনা।

কাশ্মীৰত অসমৰ এগৰাকী জোৱানৰ ৰহস্যজনকভাৱে মৃত্যু।

দক্ষিণ কাশ্মীৰত কৰ্তব্যৰত তিতাবৰ ন-চুঙিৰ BSF জোৱান নিতুল হাজৰিকাৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যুৱকজন BSF ৰ ১০৮ নং বেটেলীয়ানৰ এজন জোৱান আছিল।

ইপিনে দক্ষিণ কাশ্মীৰৰ ১০৮ নং বেটেলিয়ান বিভাগৰ তৰফৰ পৰা পৰিয়ালক জনোৱা অনুসৰি নিতুল হাজৰিকাই চাৰ্ভিচ ৰাইফলেৰে গুলি কৰি আত্মহত্যা কৰিছে।

কিন্তু এই সমগ্ৰ ঘটনাটোক লৈ পৰিয়ালবৰ্গই ৰহস্য আছে বুলি অভিযোগ কৰিছে।

পৰিয়ালবৰ্গই এই সমগ্ৰ ঘটনাটো উচিত তদন্তৰ দাবী জনাইছে।

২০০৪ চনত চাকৰি যোগদান কৰিছিল নিতুল হাজৰিকাই।