চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৬ মাৰ্চ, দেওবাৰ

মেষ ৰাশি- অন্যমনস্কতাৰ ফলত আজি আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হব পাৰে। ব্যৱসায়িকভাৱে গ্ৰহণ কৰা সিদ্ধান্তই আজি ভাল ফল প্ৰদান কৰিব। পিতৃ-মাতৃৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। গৃহ সজ্জা আদি কামত আপোনাৰ ব্যয় বৃদ্ধি পাব। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে।

বৃষ ৰাশি- আজি আপুনি কঠোৰ পৰিশ্ৰমৰ সন্মুখীন হ’ব লাগিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলে আজি অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হব। সামাজিক অনুষ্ঠানত অংশ লোৱাৰ সময়ত শালীনাত বৰ্তাই ৰাখক। শত্ৰুৱে আজি আপোনাৰ ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰিব পাৰে, সেয়ে সাৱধান হৈ থাকক। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰ।

মিথুন ৰাশি- আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায়ৰ সন্দৰ্ভত কৰা কামত সফলতা লাভ কৰিব। বৈবাহিক জীৱনত প্ৰেম আৰু আকৰ্ষণ অলৌকিকভাৱে বৃদ্ধি পাব। উপাৰ্জন বৃদ্ধি হ’ব যদিও ব্যয় বৃদ্ধিৰো সম্ভাৱনা অধিক। চাকৰিয়াল সকলে কৰ্মক্ষেত্ৰত আজি অধিক কামৰ বোজা লাভ কৰিব পাৰে।

কৰ্কট ৰাশি- আপুনি মাতৃপক্ষৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে। শিশুৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে। বানিজ্যিক কাৰণত আজি ভ্ৰমণ কৰিবলগা হ’ব পাৰে। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে পিতৃ-মাতৃৰ সৈতে আলোচনা কৰক। আজি বন্ধুবৰ্গৰ সহায়ত আপুনি নতুন সংস্থাপনৰ সন্ধান পাব পাৰে। নিজৰ বাবে কোনো নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে।

সিংহ ৰাশি- সিদ্ধান্ত গ্ৰহণৰ সময়ত আজি আপুনি দ্বিধাবোধ কৰিব। আপোনাৰ বেয়া আচৰণে আপোনাক সমস্যাত পেলাব পাৰে। আজি আপোনাৰ জেদী স্বভাৱ এৰি দিয়ক, অন্যথা কাৰোবাৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। আজি সাহিত্যিক, শিল্পীসকলে তেওঁলোকৰ প্ৰতিভাৰ জৰিয়তে আনৰ মন জয় কৰিবলৈ সক্ষম হব। পৰিয়ালত কোনো মাংগলিক কাৰ্যসূচী থাকিব পাৰে।

কন্যা ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে বিভিন্ন ধৰণে ভাল হ’ব। বিবাহিত জীৱনত সুখ বৃদ্ধি পাব। নতুন সম্পত্তি ক্ৰয়ৰ প্ৰতি মনত আগ্ৰহ জন্মিব পাৰে। উপাৰ্জন বৃদ্ধি হব। ব্যৱসায়ী সকলৰ বাবেও আজি এটা ভাল দিন। পিতৃৰ সৈতে মতবিৰোধ ঘটিব পাৰে। দূৰ ভ্ৰমণ পাৰিলে আজি পৰিহাৰ কৰি চলক।

তুলা ৰাশি- শত্ৰুই আজি আপোনাৰ অনিষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। সেয়ে সাৱধানতা অৱলম্বন কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মী কিম্বা উচ্চপদস্থ বিষয়াৰ সৈতে মতানৈক্য ঘটিব পাৰে। উপাৰ্জন হ্ৰাস পোৱাৰ পৰিৱৰ্তে আজি আপোনাৰ ব্যয় বৃদ্ধি পাব। কথা কওতে সংযমতা বৰ্তাই ৰাখক। মাতৃৰ পৰা কোনো সহায় আজি লাভ কৰিব।

বৃশ্চিক ৰাশি- আজিৰ দায়িত্ববোৰ আপোনাৰ কামত বাধা হৈ পৰিব পাৰে। আজি কাকো টকা ধাৰ নিদিব, অন্যথা ইয়াক ঘূৰাই পোৱাৰ সম্ভাৱনা কম। কোনো নতুন কামৰ সৈতে আজি আপুনি জড়িত হৈ পৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতিয়ে মন বিচলিত কৰিব পাৰে। বৈবাহিক জীৱনত পত্নীৰ পৰা সমৰ্থন লাভ কৰিব।

ধনু ৰাশি- আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। স্বাস্থ্যৰ যতন লওক। যান-বাহনত যাত্ৰা কৰোঁতে আজি সাৱধান হওক। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’ব পাৰে। পিতৃৰ পৰা আৰ্থিক সহায় লাভ কৰিব। খাদ্যৰ প্ৰতি আজি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। ঘৰলৈ আলহীৰ আগমণ ঘটিব।

মকৰ ৰাশি- নতুন ব্যৱসায় আৰম্ভ কৰাৰ যদি পৰিকল্পনা কৰিছে, তেন্তে আজিৰ দিনটো শুভ। চাকৰিয়ালসকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণে আজি আপোনাক শুভ ফল প্ৰদান কৰিব। চাকৰিত বদলিৰ যোগ আছে। হঠাৎ ক’ৰবাত টকা লাভ কৰিব পাৰে।

কুম্ভ ৰাশি- কোনো কাৰণত আজি আপুনি হীনমন্যতাত ভূগিব পাৰে। কঠোৰ পৰিশ্ৰমেও আজি আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হ’বলাগিব পাৰে। আইন সংক্ৰান্তীয় কোনো সমস্যা থাকিলে আজি তাৰ সমাধান লাভ কৰিব। পত্নীৰ স্বাস্থ্যৰ যতন লওঁক। শিশুৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে।

মীন ৰাশি- মাতৃৰ সৈতে আজি আপোনাৰ সদ্ভাৱ বৃদ্ধি পাব। পৰিয়ালত শান্তি থাকিব। কোনো কাৰণত পত্নীয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। কিন্তু আজি আপুনি খং পৰিহাৰ কৰি চলক। কামৰ ক্ষেত্ৰত আজি লাভ কৰা সফলতাই আৰ্থিক ভাৱেও আপোনাক লাভাম্বিত কৰিব। ঘৰুৱা ব্যয় বৃদ্ধি হ’ব।

Leave a Comment