গুৱাহাটী বিমানবন্দৰত ৬੦ লক্ষাধিক টকা মূল্যৰ বিদেশ মুদ্ৰাসহ আটক এজন

নিউজ ডেস্ক। গুৱাহাটী বিমানবন্দৰৰ নিৰাপত্তাৰ বাবে নিয়ােজিত কেন্দ্ৰীয় ঔদ্যােগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ বৃহৎ সফলতা।

গুৱাহাটী বিমানবন্দৰত তালাচীৰ সময়ত এজন যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা।

১ ছেপ্টেম্বৰৰ পুৱা ৯:৩০ বজাত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে ধনখিনি।

G5

চিআইএছএফৰ সূত্ৰ অনুসৰি, বিমানবন্দৰৰ ভিতৰত প্ৰৱেশৰ সময়ত যাত্ৰীক চলোৱা হৈছিল তালাচী। সেই সময়ত চিআইএছএফৰ উপ-পৰিদৰ্শক এছ.কে. সিঙে এজন যাত্ৰীৰ বেগৰ ভিতৰত এক সন্দেহজনক বস্তু লক্ষ্য কৰিছিল।

তেওঁ বেগটো পুংখানুপুংখ আৰু শাৰীৰিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। তাৰ পিছতেই চিআইএছএফৰ উপ-পৰিদৰ্শক দলীপ কুমাৰে বেগটো পৰীক্ষা কৰিছিল। কিন্তু তেওঁ বেগটোত কোনো আপত্তিজনক সামগ্ৰী দেখা পোৱা নাছিল।

তাৰ পিছত তেওঁ লক্ষ্য কৰে যে বেগটো খালী সামগ্ৰীৰ ওজনৰ বিপৰীতে অস্বাভাৱিকভাৱে গধুৰ। লগে লগে তেওঁ বিষয়টো তেওঁৰ জ্যেষ্ঠ বিষয়াসকলক অৱগত কৰে। পৰৱৰ্তী সময়ত বেগটোৰ তলৰ অংশ (ভিতৰৰ স্তৰ) কাটি দিয়া হৈছিল আৰু তেতিয়াই বেগটোৰ পৰা প্ৰায় ৬৫.৭০ লাখ টকা মূল্যৰ ৯০,০০০ আমেৰিকান ডলাৰ লাভ কৰিছিল।

বেগটোত লগতে এক্স-বিআইএছ (X-BIS) মেচিনো উদ্ধাৰ কৰা হৈছিল। যুৱকজনক আৰবাজুদ্দিন (২৫) বুলি চিনাক্ত কৰা হয়। তেওঁ ১০:১০ বজাত এয়াৰ এছিয়াৰ বিমান নং আই৫-৭৮৩ ত ইম্ফল বিমানবন্দৰলৈ যাবৰ বাবে বিমানবন্দৰ লৈ আহিছিল।

পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে সোধা বিভিন্ন প্ৰশ্নৰ বিপৰীতে যাত্ৰীজনে সন্তোষজনক উত্তৰ দিয়া নাছিল। এনে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা নিবলৈ তেওঁ কোনো নথি প্ৰস্তুত কৰা নাছিল। অৰ্থাৎ অবৈধভাৱে তেওঁ সেইসমূহ লগত নিয়া বুলি জানিব পৰা যায়। ইয়াৰ পিছতেই চিআইএছএফ আৰু শুল্ক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক এই সন্দৰ্ভত খবৰ দিয়া হয়।

G4

বিমানবন্দৰত শুল্ক বিভাগৰ বিষয়া উপস্থিত হোৱাৰ পিছত উক্ত যাত্ৰীজনৰ লগতে উদ্ধাৰ হোৱা প্ৰায় ৬৫.৭০ লাখ টকাৰ ৯০,০০০ আমেৰিকান ডলাৰ গতাই দিয়ে চিআইএছএফে।

এই সন্দৰ্ভত অধিক অনুসন্ধানৰ বাবে বিষয়টো তেওঁলোকক হস্তান্তৰ কৰা হয়।

চিআইএছএফৰ সঞ্চালক প্ৰধান এম এ গণপতিয়ে উক্ত চিআইএছএফ কৰ্মীসকলৰ এই অসামান্য প্ৰচেষ্টাক প্ৰশংসা কৰে। আৰু ৬৫.৭০ লাখ টকাৰ বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা চিনাক্ত কৰাৰ বাবে তেওঁলোক দুয়োকে ১০,০০০ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰে।

Leave a Comment