খাকী পোছাকত জোতাৰ দাগ! সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এখন বিশেষ ফটোক লৈ চলিছে চৰ্চা

নিউজ ডেস্কঃ নিজৰ কৰ্তব্য সম্পাদত ব্যস্ত এগৰাকী আৰক্ষী। সেই সময়তে পিছফালৰ পৰা কোনোবাই এখন ফটো তুলিছিল আৰক্ষী জোৱানজনৰ। য’ত জোৱানজনৰ পিঠিৰ ফালে পোছাকত এপাত জোতাৰ দাগ স্পষ্ট হৈ থকা দেখা গৈছিল। বোকা-পানীৰে সাঁচ বহি ৰোৱা সেই দাগটো স্পষ্টভাৱে জিলিকি উঠিছিল খাকী পোছাকৰ ওপৰত।

আইপিএছ বিষয়া অংকিতা শৰ্মাই শেহতীয়াকৈ টুইটাৰত শ্বেয়াৰ কৰা এনে এখন ফটোৱে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আৰক্ষী জোৱানজনৰ পোছাকত জোতাৰ দাগে উত্থাপন কৰিছে বহু প্ৰশ্নৰো। নেট ব্যৱহাৰকাৰীৰ মাজত এই ফটোখন ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষী জোৱানজনৰ ওপৰত কোনো দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰো সন্দেহ কৰিছে অনেকে।

আনহাতে আন বহুতে এই ফটোখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিবলৈ আইপিএছ অংকিতা শৰ্মাক আহ্বান জনাইছে।

এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আৰক্ষী আমাৰ ৰক্ষক। কিন্তু আৰক্ষীৰ ওপৰতে যদি এনেদৰে আক্ৰমণ চলে, তেন্তে সাধাৰণ মানুহৰ নিৰাপত্তা ক’ত?’

জানিব পৰা মতে, শেহতীয়াকৈ ভাইৰেল হৈ পৰা এই ফটোখন দৰাচলতে ২০১৮ চনৰে। ফটোখনত দেখা আৰক্ষী গৰাকী হৈছে মহাৰাষ্ট্ৰ আৰক্ষীৰ কনিষ্টবল সতীশ মোধক।

বাতৰি অনুসৰি, আৰক্ষী কনিষ্টবল সতীশ মোধকে ২০১৮ চনৰ ২৪ জুলাইৰ আবেলি ৪ বজাত নান্দেড়-হিঙ্গোলী ৰাষ্ট্ৰীয় ঘাইপথ ১৬১ত কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে মহাৰাষ্ট্ৰ ক্ৰান্তী দলৰ ৪০-৫০ জনীয়া এটা দলে তেওঁক আক্ৰমণ কৰিছিল। সেই সময়তে আক্ৰমণকাৰী এজনে তেওঁৰ কঁকালত গোৰ শোধোৱাত জোতাৰ দাগটো ৰৈ গৈছিল।