কৃষকৰ সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ ‘গণ সত্যাগ্ৰহ’ কাৰ্যসূচী…

কৃষকৰ সমস্যা সন্দৰ্ভত ‘অসম জাতীয় পৰিষদ’ৰ সভাপতি লুৰিণজ্যোতিৰ গগৈৰ সংবাদমেল।

এফচিআইৰ নতুন মহাপ্ৰবন্ধকক সংবাদমেলৰ জৰিয়তে সমালোচনা কৰিছে নেতাগৰাকীয়ে। ৰাজ্যত খৰাং পৰিস্থিতিক লৈ চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে তেওঁ।

লুৰিণজ্যোতি গগৈয়ে কয়, বৰ্তমান সময়ত কৃষকৰ ডাঙৰ সমস্যাটো হ’ল তেওঁলোকে নিজৰ উৎপাদিত ধান উপযুক্ত মূল্যত বিক্ৰী কৰিব পৰা নাই।

অসমত ধান ক্ৰয়ৰ দায়িত্বত থকা অসম ৰাজ্যিক কৃষি উন্নয়ন নিগম, ভাৰতীয় খাদ্য নিগম, ৰাষ্ট্ৰীয় গ্ৰাহক সমবায় সংঘ, ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষক ক্ৰয় সংসাধন আৰু খুচুৰা বিক্ৰী সংঘই কৃষকতকৈ বনিয়া গোষ্ঠীক প্ৰাধান্য দিয়া বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।

ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰা নাই! পঞ্জাবৰ চাউলৰ প্ৰয়োভৰ হোৱাটো এফচিআই-এ বিচাৰে বুলিও গগৈয়ে সংবাদমেলত সদৰী কৰে।

লগতে কয়- অসমত ভাৰতীয় খাদ্য নিগমে বছৰি ২৪ লাখ মেট্ৰিক টন চাউল যোগান ধৰে আৰু এই চাউল অসমলৈ কঢ়িয়াওতে পৰিবহনৰ নামত ব্যয় হয় ১৫০০ কোটি টকা ।এই চাউল অসমৰ কৃষকৰ পৰা ক্ৰয় কৰিলে অসমৰ কৃষকসকল উপকৃত হোৱাৰ উপৰি পৰিবহন ব্যয়ৰ নামত বাহিৰলৈ ওলাই যোৱা বৃহৎ পুঁজিৰো ৰাহি হ’লহেতেন।

অসমৰ কৃষকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ দাবীত ১৯ আগষ্ট বৃহস্পতিবাৰে এজেপিয়ে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিব।

জিলা সদৰ সমূহত এই কাৰ্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰা হ’ব।

এজেপিৰ দাবীসমূহ হৈছে

১. কৃষকৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগম আৰু অন্য চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পোনপটীয়াকৈ ক্ৰয় কৰা।

২. অসমৰ প্ৰতিখন গাঁও পঞ্চায়ত এলেকাত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা আৰু এই প্ৰক্ৰিয়াত গাঁও পঞ্চায়তক জড়িত কৰা।

৩. অসমৰ ১০০ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা।

৪. বান-খহনীয়া-খৰাঙৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু ক’ভিড পৰিস্থিতিৰ বাবে দুৰ্যোগৰ সন্মুখীন হোৱা কৃষকসকলক বিনামূলীয়া বীজ আৰু সাৰৰ যোগান ধৰা।

৫. খৰাঙৰ কৱলত পৰা কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানেৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা।

Leave a Comment