‘কি নাম দি মাতিম’ গীতত কণ্ঠ নিগৰোৱা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰ আৰু নাই…

এক দুঃখবৰ!

বাংলা সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ দেহাৱসান।

হৃদ ৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশাৰ ভাগত দক্ষিণ কলকাতাৰ চেতলা অঞ্চলৰ নিজ বাসগৃহত শিল্পীগৰাকীৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৮১ বছৰ।

নিশা প্ৰায় ১২ বজাত মিশ্ৰ অধিক অসুস্থ হোৱাত ওচৰৰ নাৰ্চিং হোমলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

বিগত কিছুমাহ ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল নিৰ্মলা মিশ্ৰ।

image 306
‘কি নাম দি মাতিম’ গীতত কণ্ঠ নিগৰোৱা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰ আৰু নাই... 2

নিৰ্মলা মিশ্ৰই ওড়িয়া, বাংলা ছবিৰ লগতে বহুকেইখন অসমীয়া ছবিত গীত গাইছিল।

প্ৰখ্যাত অসমীয়া কথাছবি ‘ডক্তৰ বেজবৰুৱা’ৰ ‘কি নাম দি মাতিম’ শীৰ্ষক গীতটিত দ্বিপেন বৰুৱাৰ সৈতে কণ্ঠ নিগৰাইছিল নিৰ্মলা মিশ্ৰই৷

আনহাতে ‘ধৰ্মকাই’ বোলছবিত ‘সঁচাকে কোৱা কথাটি কোৱা’, ‘বৃষ্টি’ বোলছবিত ‘তুলসীৰ তলে তলে কত চাকি জ্বলালো’ আদি তেখেতে কণ্ঠদান কৰা জনপ্ৰিয় অসমীয়া গীত।