ক’ভিড-১৯ত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যােগী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ

April 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌ অব্যাহত থকাৰ মাজতে এইবাৰ আক্ৰান্ত হ’ল উত্তৰ প্ৰদেশৰ বহুচৰ্চিত মুখ্যমন্ত্ৰী যােগী আদিত্যনাথ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ।

বুধবাৰে টুইটাৰত এই কথা প্ৰকাশ কৰিছে নেতাদ্বয়ে।

টুইটাৰত মুখ্যমন্ত্ৰী যােগী আদিত্যনাথে কয় ”প্ৰাৰম্ভিক লক্ষণ প্ৰকাশ পােৱাৰ পিছতে মই ক’ভিড-১৯ৰ পৰীক্ষা কৰােঁ আৰু মােৰ ৰিপ’ৰ্ট পজিটিভ আহে। মই চেল্ফ আইচ’লেশ্ব্যনত আছােঁ আৰু চিকিৎসকৰ সকলাে পৰামৰ্শ পালন কৰিছােঁ। মই সকলাে কাম ভাৰ্চুৱেলী সম্পাদনা কৰিছােঁ।”

ইপিনে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে বুধবাৰে টুইট কৰি কয় ”অলপ আগতে মােৰ ক’ভিড টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। মই নিজকে সকলাে লােকৰ পৰা আঁতৰাই ৰাখিছােঁ। বিগত দিনকেইটাত যিসকল লােক মােৰ সংস্পৰ্শত আহিছে, মই সকলােকে ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰােধ জনালােঁ। লগতে তেওঁলােক কিছুদিন আইচলেশ্যনত থাকিবলৈ প্ৰাৰ্থনা কৰিছােঁ।”

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত হৈ অসমৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ দিল্লীত মৃত্যু