উৎকট গৰম! গা শাত পেলাবলৈ ঘৰৰ সমীপৰ পুখুৰীত ২ বন্ধুৰ সৈতে গা ধুবলৈ গৈ উভতি নাহিল ৰাজিবুল

নিউজ ডেস্কঃ উৎকম গৰম! বাৰিষাৰ ধাৰাসাৰ বৰষুণৰ পিছত আকাশ ফাটি ওলোৱা বেলিটোৱে দহিছে সমগ্ৰ ৰাজ্য। এনে সময়ত শৰীৰ শাত পেলাবলৈ বন্ধুৰ সৈতে ঘৰৰ সমীপৰ এটা পুখুৰীত গা ধুবলৈ গৈছিল ৰাজিবুলে। কিন্তু গা ধুই ২ বন্ধু ঘৰলৈ উভতি আহিল যদিও উভতি নাহিল ৰাজিবুল।

এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে কলিয়াবৰত। জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া দুই বন্ধুৰ সৈতে ঘৰৰ সমীপত গা ধুবলৈ গৈছিল কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্হত গৰুবন্ধাৰ ৰাজিবুল হুছেইন নামৰ কিশোৰজনে।

ভৰা পুখুৰীত তিনিওজনে গা ধুবলৈ নমাৰ পিছতে সলিল সমাধি ঘটে ৰাজিবুল নামৰ ১৭ বছৰীয়া কিশোৰজনৰ। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে ৰাজিবুলৰ আন দুই বন্ধুৰ।

pukhuri
উৎকট গৰম! গা শাত পেলাবলৈ ঘৰৰ সমীপৰ পুখুৰীত ২ বন্ধুৰ সৈতে গা ধুবলৈ গৈ উভতি নাহিল ৰাজিবুল 2

ইফালে কিশোৰজন পুখুৰীৰ পানীত সন্ধানহীন হোৱাৰ খবৰ লাভ কৰিছে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায়। কিন্তু প্ৰায় ২ ঘণ্টা ধৰি পুখুৰীটোত অভিযান চলাইও ৰাজিবুলক উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

পৰৱৰ্তী সময়ত তেজপুৰৰ পৰা অহা এছডিআৰএফ বাহিনীৰ ডুবাৰুৱে পুখুৰীটোত পুনৰ উদ্ধাৰ অভিযান চলাই অৱশেষত ৰাজিবুলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিশোৰজনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।