fbpx
অসমীয়াঅসম

আৱেগিক দৃশ্য! মৃত পিতৃৰ দহা-সকাম শেষ নৌহওঁতেই চুৰীয়া পিন্ধি বিদ্যালয়ৰ গুণোৎসৱত ভাগ ল’লে এটি কণমানিয়ে…

নিউজ ডেস্কঃ ৰাজ্যত আৰম্ভ হৈছে গুণোৎসৱ। বুধবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হোৱা গুণোৎসৱৰ শুভাৰম্ভণি ঘটাই ছিপাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীৰ ছিপাঝাৰ ভ্ৰমণৰ এই সময়ছোৱাতে দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। প্ৰয়াত পিতৃৰ দহা-সকাম সম্পূৰ্ণ নৌহওঁতেই বিদ্যালয়ৰ গুণোৎসৱত ভাগ ল’লে এজন কনমানি ছাত্ৰই।

ছিপাঝাৰ বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ চিন্ময় চহৰীয়া। মাত্ৰ এঘাৰ দিন পূৰ্বে অৰ্থাৎ ১ মে’ত চিন্ময়ে হেৰুৱাইছিল পিতৃক। আন পুত্ৰৰ দৰেই চিন্ময়ে ১১ বছৰ বয়সতে চুৰীয়া পিন্ধি পালন কৰিবলগা হৈছে পিতৃৰ দাহ-সকামৰ ৰীতি-নীতি।

photo1652353586

কিন্তু তাৰ মাজতে আৰম্ভ হৈছে বিদ্যালয়ৰ গুণোৎসৱ। তাতে চিন্ময়ে পঢ়ি থকা বিদ্যালয়খনত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে বিদ্যালয়লৈ নহাকৈ কেনেকৈ থাকিব পাৰে চিন্ময়ে?

সামাজিক ৰীতি-নীতি পালন কৰি এখন চুৰীয়া পিন্ধি আৰু ডিঙিত এখন গামোচা লৈয়ে বিদ্যালয়ত উপস্থিত হয় চিন্ময় চহৰীয়া নামৰ মেধাৱী ছাত্ৰজন। যি দৃশ্যই আবেগিক কৰি তোলে সকলোকে।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শিশুটিক কাষলৈ মাতি মৰম যাঁচে। মৰমতে চুমা খাই শিশুটিৰ উজ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!