fbpx
অসমঅসমীয়া

আৰক্ষী কলনিত সােমাই মহিলা আৰক্ষীৰ স্কুটি জ্বলাই দিলে নিচাসক্ত যুৱকে…

নিউজ ডেস্ক। ড্ৰাগছ আসক্ত যুৱকৰ কু-কাণ্ড! নিচাত মাতাল হৈ জ্বলাই দিলে মহিলা আৰক্ষীৰ স্কুটি।

মৰিগাঁৱৰ এজন ড্ৰাগছ আসক্ত যুৱকৰ কাণ্ডত সকলোৰে চকু কঁপালত তুলিছে।

শনিবাৰে মৰিগাঁও পুলিচ কলনীৰ এজন যুৱকে ড্ৰাগছৰ নিচাতে এখন স্কুটি জলাই দিয়ে বুলি জানিব পৰা গৈছে ।

G3 9

ঘটনাৰ বিৱৰণি মতে, মৰিগাঁও পুলিচ কলনীৰ ২ নং ৱাৰ্ড নিবাসী আৰক্ষী বিভাগত কৰ্মৰত মলয়া দেৱী বিশ্বাসৰ ঘৰৰ সন্মুখতে ৰখাই থোৱা AS21J3416 নম্বৰৰ স্কুটিখন এজন ড্ৰাগছ আসক্ত যুৱকে জ্বলাই দিয়ে।

যুৱক জনৰ নাম প্ৰনৱ হীৰা বুলি জানিব পৰা গৈছে।

গৃহস্থৰ ঘৰৰ পৰা চিগাৰেট জ্বলাবলৈ বুলি জুইশলা খুজি আনি যুৱকজনে এই কাণ্ড সংঘটিত কৰে।

স্থানীয় লোকে জনোৱা মতে বহুদিনৰে পৰাই যুৱকজনে ড্ৰাগছ গ্ৰহণ কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

ঘটনাৰ খবৰ পোৱাৰ পিছতে মৰিগাঁও আৰক্ষী ঘটনাস্থলিত উপস্থিত হয় আৰু অভিযুক্ত নিচাসক্ত যুৱকজনক আটক কৰি লৈ যায়।

লগতে চাওকঃ

এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত

G3 1 1

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!