আৰক্ষীৰ বৃহৎ সফলতা! আৰক্ষীৰ তালাচীত জব্দ ৮ কিলোগ্ৰাম সোণ, দুজনক আটক…

কাৰ্বি আংলং জিলাৰ দিলাইত জব্দ বৃহৎ পৰিমাণৰ সোণ।

অবৈধ ড্ৰাগছ সুৰাৰ পিছত এইবাৰ বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ সোণ।

বোকাজানৰ ডীলাই আৰক্ষীৰ নাকা তালাচীত উদ্ধাৰ প্রায় ৮ কিলোগ্ৰাম সোণ।

প্ৰায় ৪ কোটি টকাৰ বজাৰ মূল্যৰ সোণ জব্দ কৰিছে আৰক্ষীয়ে।

এ এছ-০১/ই ভি-২৩৫০ নম্বৰৰ এখন ‘ভেনু’ গাড়ীৰ ভিতৰত চাৰিটা পেকেটৰ ভিতৰত ভৰাই অনা অৱস্থাত ৪৯ টা টুকুৰাত এই বৃহৎ পৰিমাণৰ সোণখিনি জব্দ হয়।

এই বৃহৎ পৰিমাণৰ সোণখিনিৰ সৈতে দিলাই আৰক্ষীয়ে দুজন লোককো গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকদুজন মণিপুৰৰ থাউবালৰ প্ৰকাশ বাচনেট (৩২)আৰু মণিপুৰৰ সেনাপতি জিলাৰ সুভাষ বিষ্টা(২৪) বুলি চিনাক্ত কৰা হৈছে।

বাহন খনৰ ইঞ্জিনৰ কাষৰ অংশত গোপনে ভৰাই আনিছিল সৰবৰাহকাৰী দুটাই।

লগতে চাওকঃ

চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদৰ পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

Leave a Comment