অসমৰ মিছামাৰীৰ ভাৰতীয় সেনাৰ বেচত সংযোজন ঘটিব থলুৱাভাৱে নিৰ্মিত লাইট কম্বেট হেলিকপ্টাৰ…

নিউজ ডেস্কঃ শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত ভাৰতীয় সেনাৰ বেচত সংযোজন ঘটিব থলুৱাভাৱে নিৰ্মিত আৰু মাত্ৰ কিছুদিন পূৰ্বে ভাৰতীয় বায়ু সেনাৰ হাতত অৰ্পণ কৰা লাইট কম্বেট হেলিকপ্টাৰ।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ‘প্ৰচণ্ড’ নামেৰে নামাকৰণ কৰা এই থলুৱা প্ৰযুক্তিৰ হেলিকপ্টাৰৰ তিনি খন ইতিমধ্যে আৰ্মী এভিয়েশ্যনে লাভ কৰিছে।

এই মাহৰ শেষলৈকে আৰু এখন লাইট হেলিকপ্টাৰ আৰ্মী এভিয়েশ্যনক প্ৰদান কৰা হ’ব বুলিও জানিব পৰা গৈছে।

বাতৰি অনুসৰি, এই চাৰিখন ‘প্ৰচণ্ড’ হেলিকপ্টাৰ মিছামাৰীস্থিত আৰ্মী বেচত ব্যৱহাৰ কৰা হ’ব।