fbpx
অৰুণাচল প্ৰদেশঅসমীয়া

ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যত উৎখাত উগ্ৰপন্থীৰ শিৱিৰ, বৃহৎ পৰিমাণৰ বিস্ফোৰক, অস্ত্ৰ-শস্ত্ৰ জব্দ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ চাংলাঙত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএন-কে ৱাইৰ শিৱিৰ।

ভাৰতীয় সেনাৰ ১৪ ৰাজপুত ৰেজিমেণ্ট আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে যুটীয়া অভিযান চলাই শনিবাৰে নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যত বিদ্ৰোহী সংগঠনটোৰ শিৱিৰ উৎখাত কৰাৰ লগতে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

FORKTL7UcAAz0lV

সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত এটা মেগজিন, ৫০ জাঁই সজীৱ গুলী, ৬টা ডিট’নেটৰ, ৩টা প্লাষ্টিক বিস্ফোৰক, সন্দেহজনক বিস্ফোৰক আৰু অন্যান্য মৰাণাস্ত্ৰৰ লগতেো এটা একে-৫৬ ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে কয়, “১৪ ৰাজপুত ৰেজিমেণ্ট আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ১৭ মাৰ্চৰ পৰা মিয়াও-বিজয়নগৰ পথৰ ২২ মাইল এলেকাত এক যুটীয়া অভিযান চলাই আহিছে আৰু এনএছচিএন-কে ৱাইৰ এটা শিৱিৰ উৎখাত কৰা হৈছে।’’

অৱশ্যে এই অভিযানৰ খবৰ পাই বিদ্ৰোহী সংগঠনটোৰ কেডাৰ সকলে পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়া আৰক্ষী অধীক্ষকগৰাকীয়ে।

আৰক্ষী বিষয়া গৰাকী কয় যে নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যত সংগঠনটোৰ ৩০-৪০ জনীয়া কেডাৰৰ এটা দলে শিৱিৰ পাতি আত্মগোপন কৰি আছিল।

এছপি মিহিন গাম্বোয়ে লগতে জানিবলৈ দিয়া মতে, এতিয়াও অৰুণাচল প্ৰদেশৰ চাংলা, টিৰাপ আৰু লংডিং জিলাত এনএছচিএনৰ কেইবাটাও গোট সক্ৰিয় হৈ আছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!