গাড়ীৰে একেলগে গৈ আছিল দুটা পৰিয়াল, মাজবাটত সংঘটিত ভূমিস্খলন, ৭ জনৰ মৃত্যু

নিউজ ডেস্কঃ ভয়াবহ ভূমিস্খলনত বিধ্বস্ত অৰুণাচল প্ৰদেশৰ ইষ্ট কামেং জিলা! ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বানা-চেপ্পা অংশৰ পথত এখন বাহন ভূমিস্খলনৰ ফলত উটি যোৱাত মৃত্যুক সাৱটে দুটা পৰিয়ালৰ ৭ জন সদস্যই। নিহতসকলৰ ভিতৰত আছে দুগৰাকী অন্তঃসত্বা মহিলা আৰু দুটি শিশুও।

শুকুৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ ফলত হঠাৎ হোৱা ভূমিস্খলনৰ ফলত সংঘটিত হয় এই শোকাৱহ ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি গাড়ীখন চেপ্পাৰ দিশে গৈ আছিল। বাটতে বানাৰ কিচাং গাঁৱৰ সমীপত হঠাতে ভূমিস্খলন সংঘটিত হয়। ইষ্ট কামেঙৰ আৰক্ষী অধীক্ষক কামদাম ছিকমে জনোৱা মতে, ভূমিস্খলনৰ ফলত গাড়ীখন পোনে পোনে দ খাৱৈত পৰি যায়। তেওঁ নিশ্চিত কৰে যে নিহত আটাইকেইজনেই বানাৰ কিচাং গাঁৱৰ বাসিন্দা।

ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয় যদিও প্ৰচণ্ড বৰষুণ, নতুন ভূমিস্খলন আৰু ৰাতিৰ অন্ধকাৰৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মে। এছ পি ছিকমে কয় যে শনিবাৰে পুৱা স্থানীয় গাঁওবাসীৰ সহায়ত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়। কেইবা ঘণ্টা ধৰি ব্যাপক অনুসন্ধানৰ অন্তত ঘাইপথৰ পৰা প্ৰায় ১৫০ মিটাৰ তলত উদ্ধাৰ হয় গাড়ীৰ ধ্বংসাৱশেষ।

তেওঁ নিশ্চিত কৰে যে গাড়ীখনৰ ভিতৰত ৭ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে মৃত লোক কেইজনৰ পৰিচয় প্ৰকাশ কৰিছে। গাড়ীখনৰ মালিক ৩৫ বছৰীয়া শংকৰ ওৰফে সাজু বুডী আকা নামৰ যুৱকজনৰ লগত আছিল তেওঁৰ পত্নী ২৫ বছৰীয়া তাছুম বুডী আকা (চাৰি মাহৰ গৰ্ভৱতী), তেওঁলোকৰ ৮ বছৰীয়া কন্যা কচুং বুডী আকা আৰু চাৰি বছৰীয়া পুত্ৰ নিশা বুডী আকা।

ইয়াৰ উপৰিও আন এগৰাকী গৰ্ভৱতী মহিলা ৩৩ বছৰীয়া জাজুম য়ামে, তেওঁৰ ৫ বছৰীয়া কন্যা তুছুম য়ামে আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰ পাটিয়া য়ামেও দুৰ্ঘটনাটোত নিহত হয়। এই ভয়াবহ ভূমিস্খলনৰ ঘটনাই সমগ্ৰ অৰুণাচলত শোকৰ ছাঁ পেলাইছে।

Leave a Comment