নিউজ ডেস্কঃ বিদ্যালয়ৰ হোষ্টেলত প্ৰৱেশ কৰি ৬-৮ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ এক বিস্ফোৰক অভিযোগে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ ৰ’য়িং চহৰত সৃষ্টি কৰিছে তীব্ৰ গণ বিক্ষোভৰ। এই অভিযোগৰ পিছতে থানাৰ পৰা উলিয়াই আনি উত্তেজিত জনতাই মৰিয়াই হত্যা কৰে অসমৰ এজন প্ৰব্ৰজিত শ্ৰমিকক। এই ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰে ৰ’য়িং প্ৰশাসনে।
আৰক্ষীৰ সূত্ৰ অনুসৰি যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আছে, তথাপিও অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে। অতিৰিক্ত নিৰাপত্তা বাহিনীৰ চাৰিটা কোম্পানী মোতায়েন কৰা হৈছে ৰ’য়িং চহৰত।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰী মামা নাটুঙে প্ৰশাসন আৰু আৰক্ষী বিষয়াৰ সৈতে অহৰহ যোগাযোগত আছে। আৰক্ষীৰ সূত্ৰইও ইংগিত দিছে যে সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষকো এই ঘটনাৰ তদন্ত কৰা হ’ব।
উল্লেখ্য যে, শুকুৰবাৰে ল’ৱাৰ দিবাং ভেলীৰ ৰ’য়িং চহৰত অসমৰ এজন প্ৰব্ৰজিত কিশোৰ শ্ৰমিকক মৰিয়াই হত্যা কৰে উত্তেজিত ৰাইজে। আৰক্ষী সূত্ৰই জনোৱা মতে, মৃত অভিযুক্তৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে।
অভিযোগ অনুসৰি, এক নিৰ্মাণকাৰ্যৰ সৈতে জড়িত অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ এই শ্ৰমিকজনে যৌন নিৰ্যাতন চলাইছিল কেইবাগৰাকীও নাবালিকাক। এই গুৰুতৰ অভিযোগক লৈ ৰ’য়িং থানাত POCSO আইনৰ অধীনত এফআইআৰ দাখিল কৰা হয়। লাভ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা অভিযুক্ত শ্ৰমিকজনক গ্ৰেপ্তাৰ কৰে ৰ’য়িং আৰক্ষীয়ে। কিন্তু ক্ষুব্ধ ৰাইজৰ ক্ষোভ ক্ষান্ত নহ’ল!
শ শ স্থানীয় লোকে নিশাই ৰ’য়িং থানাত প্ৰৱেশ কৰি শ্ৰমিকজনক থানাৰ পৰা উলিয়াই আনি গণপ্ৰহাৰ চলায়। যাৰ ফলত মৃত্যু ঘটে অসমৰ সেই প্ৰব্ৰজিত শ্ৰমিকজনৰ।
সূত্ৰ অনুসৰি, অভিযুক্ত শ্ৰমিকজনে ল’ৱাৰ দিবাং ভেলী জিলাৰ মাউণ্ট কাৰ্মেল স্কুলৰ কেইবাগৰাকীও নাবালিকাক ধৰ্ষণ কৰে। অভিযোগ অনুসৰি, শিথিল নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লৈ নিশা বিদ্যালয়ৰ হোষ্টেলত প্ৰৱেশ কৰি ৬ৰ পৰা ৮ বছৰ বয়সৰ নাবালিকাক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰে হোষ্টেলৰ কাষতে চলি থকা এক নিৰ্মাণকাৰ্যৰ সৈতে জড়িত শ্ৰমিকজনে।
ইফালে, ভুক্তভোগী কণমানিসকলে পেটৰ বিষ আৰু অন্যান্য সমস্যাত ভুগাত তেওঁলোকক হাস্পতাললৈ নিয়াৰ পিছতে পোহৰলৈ আহে এই চাঞ্চল্যকৰ কাণ্ড। ইয়াৰ পিছতে ভুক্তভোগীৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰে অসমৰ শ্ৰমিকজনক।
কিন্তু ক্ষুব্ধ জনতাই আৰক্ষীৰ তদন্তক আওকান কৰি নিজেই আইন হাতত তুলি লৈ শুকুৰবাৰে নিশা থানাত প্ৰৱেশ কৰে আৰু অভিযুক্ত শ্ৰমিকজনক চোঁচৰাই উলিয়াই আনি মৰিয়াই মৰিয়াই হত্যা কৰে।






