অৰুণাচল প্ৰদেশঅসমীয়া

শােকাৱহ! ১৩ বছৰীয়া কিশােৰৰ সন্মুখতে পিতৃ-মাতৃ আৰু আইতাকক উটুৱাই নিলে লোহিত নৈৰ কােবাল সােঁতে

পৱিত্ৰ তীৰ্থ পৰশুৰাম কুণ্ডত শােকাৱহ ঘটনা

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা! অৰুণাচল প্ৰদেশৰ লােহিত জিলাত অৱস্থিত পৱিত্ৰ তীৰ্থ পৰশুৰাম কুণ্ড দৰ্শন কৰিবলৈ আহি লােহিত নৈৰ কোবাল সােঁতত উটি গ’ল এহাল দম্পতীসহ এগৰাকী মহিলা।

শুকুৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ কাকপথাৰ বাসিন্দা মনোজ শ্বাহ (৪৭) তেওঁৰ পত্নী শােভা শ্বাহ (৪੦), পুত্ৰ আয়ুস শ্বাহ (১৩), শাহু-শহুৰ লীলাৱতী দেৱী আৰু মোহনপ্রসাদ গুপ্তাক লগত লৈ পৰশুৰাম কুণ্ডলৈ গৈছিল।

তেনে সময়তে শুকুৰবাৰে পুৱা প্ৰায় ন বজাত পৰশুৰাম কুণ্ডত উপস্থিত হয়। ইয়াৰ পিছতে মনোজ শ্বাহ, তেওঁৰ পত্নী শোভা শ্বাহ আৰু শাহু লীলাৱতীয়ে ব্ৰহ্মকুণ্ডত স্নান কৰিবলৈ নামে। ইয়াৰ বিপৰীতে মনোজৰ পুত্ৰ আয়ুস আৰু শহুৰ মােহনপ্ৰসাদ গুপ্তা কিছু ওপৰত তেওঁলোকৰ অপেক্ষাৰ বাবে ৰৈ থাকে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে পুত্ৰ আয়ুস, শহুৰ মােহনপ্ৰসাদৰ চকুৰ সন্মুখতে স্নান কৰি থকাৰ সময়ত অহা লোহিত নদীৰ প্রচণ্ড সোঁতে তিনিওগৰাকীকে উটুৱাই লৈ যায় ।

NEW THUMBNAIL 2022 copy 3

ঘটনাৰ খবৰ লাভ কৰি লোহিত জিলা প্ৰশাসনৰ বিষয়াৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ যদিও এই পৰ্যন্ত তিনিওজনৰে কােনাে সম্ভেদ লাভ কৰা নাই।

উল্লেখ্য যে সম্প্ৰতি বাৰিষা ঋতুত লোহিত নদীৰ বুকু ওফন্দি থকাত উদ্ধাৰ অভিযান চলােৱাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে।

ইফালে দুটা সন্তানৰ পিতৃ অমায়িক তথা মৃদুভাষী মনোজ শ্বাহৰ লগতে তেওঁৰ পত্নী আৰু শাহু সন্ধানহীনৰ বাৰ্তাই বৃহত্তৰ কাক পথাৰ অঞ্চলবাসীক মৰ্মাহত হৈ পৰিছে।

জানিব পৰামতে মণিপুৰৰ টাডুবিৰ বাসিন্দা মোহনপ্রসাদ গুপ্তাই যোৱা ৪-৫ দিনৰ পূৰ্বে সপত্নীক কাকপথাৰস্থিত জী-জোঁৱায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল।

তেৰ বছৰীয়া কিশোৰ আয়ুসৰ চকুৰ আগতে পিতৃ-মাতৃক লোহিতৰ কোবাল সোঁতে উটুৱাই নিয়াত কিশেৰগৰাকী শােকত ভাগি পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *