ৰাষ্ট্ৰীয়অসমীয়া

দ্য কাশ্মীৰ ফাইলছক লৈ অভিনেতা আদিল হুছেইনৰ টুইট! উত্তাল ছ’চিয়েল মিডিয়া

নিউজ ডেস্ক। দেশজুৰি চৰ্চিত হৈ থকা দ্য কাশ্মীৰ ফাইলছে বক্স অফিচত ইতিমধ্যে গঢ়িবলৈ সক্ষম হৈছে সফলতাৰ অভিলেখ।

মুক্তিৰ অষ্টম দিনা বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত এই ছবিখনে ব্লকব্লাষ্টাৰ বিগ বাজেটৰ ছবি ডংগলৰ অভিলেখো ভংগ কৰিছে।

G5 13

কাশ্মিৰী পণ্ডিতৰ ওপৰত চলা নিৰ্যাতনৰ ওপৰত নিৰ্মাণ কৰা এই ছবিখনক লৈ অৱশ্যে অব্যাহত আছে বিতৰ্কও। এক ধৰ্মীয় মেৰুকৰণ কৰাৰ অভিযোগ উত্থাপিত এই ছবিখনক লৈ দুটা ভাগত বিভক্ত হৈছে দেশৰ নাগৰিক।

FOL2tyPVIA46rtr

বিশেষকৈ শাসকীয় দলৰ হিন্দুত্ববাদী নেতা-মন্ত্ৰীয়ে এই ছবিখন চাই আবেগিক হৈ পৰাৰ বিপৰীতে আন একাংশই এই ছবিখনে সাম্প্ৰদায়িক সংঘাতক প্ৰৰোচিত কৰা বুলি মন্তব্য কৰিছে।

দ্য কাশ্মীৰ ফাইলছক লৈ এনে মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ এটা টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসম সন্তান তথা আন্তঃৰাষ্ট্ৰীয় অভিনেতা আদিল হুছেইনে।

এটা টুইটত তেওঁ লিখিছে, ‘সত্য নিশ্চয়কৈ প্ৰকাশ কৰা উচিত। ইয়াক কোনো সন্দেহ নাই। কিন্তু তাক কিছু সহনীয় ৰূপত প্ৰকাশ কৰা উচিত। সেয়া নহ’লে সত্য প্ৰকাশৰ উদ্দেশ্যই তাৰ সৌন্দৰ্য হেৰুৱায় আৰু তাৰ প্ৰভাৱ প্রতিক্রিয়াশীল হয়। আমি কোনোৱেই প্রতিক্রিয়াশীল সমাজ নিবিচাৰো, দায়িত্বশীল সমাজ বিচাৰোঁ। শিল্প কেতিয়াও প্রতিক্রিয়াশীল হোৱা উচিত নহয়।’

অভিনেতাজনে এনেদৰে টুইট কৰাৰ পিছতে সামাজিক মাধ্যমত আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ নেটিজেনে আদিল হুছেইনক সমালোচনা কৰাৰ লগতে আন একাংশই তেওঁৰ স্পষ্টবাদীতাৰ প্ৰশংসা কৰিছে।

লগতে চাওকঃ

এইবাৰ মুছলমানৰ ওপৰত চলা নিৰ্যাতনৰ ওপৰত নিৰ্মাণ ছবি! পোষ্টাৰ মুকলি

G8 5

Leave a Reply

Your email address will not be published. Required fields are marked *