অসমঅসমীয়া

নিবনুৱাৰ বাবে দুঃসংবাদ! ২০২১ৰ ২৭ ছেপ্টেম্বৰৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত লিখিত পঞ্জীয়ন কৰা নিবনুৱাই কৰিব নোৱাৰিব চাকৰিৰ বাবে আবেদন

নিউজ ডেস্ক। ২০২১ বৰ্ষৰ ২৭ ছেপ্টেম্বৰৰ পূর্বে নিয়োগ বিনিময় কেন্দ্রত লিখিত আবেদন বা মেনুৱেলযোগে নাম পঞ্জীয়ন কৰা নিবনুৱাসকলে আবেদন কৰিব নোৱাৰিব ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰিৰ বাবে।

চাকৰি প্ৰত্যাশী নিবনুৱা সকললৈ এই দুঃসংবাদ নিয়োগ বিভাগৰ।

উল্লেখ্য যে, অসম বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰি ঘোষণা কৰিছিল যে অহা ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যত ১ লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্যিক নিযুক্তি আয়োগৰ অধীনত দিয়া হব বিজ্ঞাপন।

FHWvq7vWYAAe7KV

বিত্তমন্ত্ৰীৰ এই ঘোষণাই নিবনুৱাক কিছু সকাহ প্ৰদানৰ সময়তে যেন নিয়োগ বিভাগে দিলে দুঃসংবাদ।

এক স্পষ্টীকৰণ প্ৰকাশ কৰি নিয়োগ বিভাগে জানিবলৈ দিয়ে যে যোৱা বছৰ ২৭ ছেপ্টেম্বৰৰ পূৰ্বে মেনুৱেলযোগে কৰা পঞ্জীয়ন নম্বৰ অহা ৩১ মাৰ্চৰ পিছত চাকৰিৰ বাবে গ্ৰহণযোগ্য নহ’ব।

চৰকাৰে ঘোষণা কৰা নতুন নিৰ্দেশনা অনুসৰি নিয়োগ সংক্রান্তীয় অনলাইন প’ৰ্টেলযোগে নাম পঞ্জীয়ন কৰা নিবনুৱাসকলেহে নতুন নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত আবেদন কৰিব পাৰিব চাকৰিৰ বাবে।

ইফালে নিয়োগ বিভাগৰ এই নতুন নিৰ্দেশনাই এতিয়া চাকৰি প্ৰত্যাশী নিবনুৱাৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এনে ন ন নিয়ম বনাই নিবনুৱাসকলক হাৰাশাস্তি কৰা বুলিও অভিযোগ তুলিছে অনেকে।

Leave a Reply

Your email address will not be published. Required fields are marked *