ইটানগৰঃ অৱশেষত অন্ত পৰিল এগৰাকী কিশোৰীৰ সুদীৰ্ঘ ১৩ বছৰীয়া যন্ত্ৰণাদায়ক বন্দীত্বৰ। মাত্ৰ ৬ বছৰ বয়সতে সন্ধানহীন হোৱা অৰুণাচল প্ৰদেশৰ এগৰাকী কিশোৰীয়ে অৰুণাচল প্ৰদেশ চাকমা যুৱ সংস্থাৰ তৎপৰতাত অৱশেষত ওভতাই পালে নিজৰ মাতৃ আৰু পৰিয়ালক। উল্লেখ্য যে, বিগত ১৩ টা বছৰে কিশোৰীগৰাকীক কোনো ধৰণৰ পাৰিশ্ৰমিক অবিহনে বনকৰা ছোৱালী হিচাপে ইটানগৰৰ এটা উচ্চ শিক্ষিত পৰিয়ালে নিজ গৃহত আৱদ্ধ কৰি ৰাখিছিল।
বিদ্যালয়লৈ পঠিয়াই শিক্ষিত কৰি তোলাৰ মিছা প্ৰলোভনেৰে কিশোৰীগৰাকীক নিজ গৃহলৈ লৈ যোৱা তথাকথিত সম্ভ্ৰান্ত পৰিয়ালটোৱে এই সুদীৰ্ঘ এটা দশকৰো অধিক সময় তেওঁক পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিবলৈ দিয়া নাছিল। আনকি কিশোৰীগৰাকীক কোনো দিনেই বিদ্যালয়ৰ মুখ চাবলৈ নিদি শৈশৱৰ পৰাই কঠোৰ শ্ৰম কৰিবলৈ বাধ্য কৰাইছিল। অতি দুৰ্ভাগ্যজনকভাৱে, কিশোৰীগৰাকীৰ ওভতনিৰ পথলৈ বাট চাই থাকোঁতেই শেহতীয়াকৈ তেওঁৰ পিতৃৰ মৃত্যু ঘটে।

অৰুণাচল প্ৰদেশ চাকমা যুৱ সংস্থাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত অৱশেষত এই মৰ্মান্তিক অধ্যায়ৰ সমাপ্তি ঘটিল। সংস্থাটোৰ সক্ৰিয় কৰ্মীসকলে ইটানগৰৰ সেই গৃহৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিৰাপদে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। এই ঘটনাই শিক্ষিত সমাজৰ অন্তৰালত চলি থকা শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহৰ এক কদৰ্য সত্য পুনৰ উদঙাই দিছে। বৰ্তমান কিশোৰীগৰাকী নিজৰ পৰিয়ালৰ কাষত সুৰক্ষিত যদিও তেওঁৰ হেৰাই যোৱা শৈশৱে সমাজলৈ এক গভীৰ প্ৰশ্ন এৰি থৈ গৈছে।









