
NPP দলৰ নেতাৰ বাসগৃহত গ্ৰেনেড বিস্ফোৰণ
নিউজ ডেস্ক। মণিপুৰৰ থৌবাল জিলাৰ নেচনেল পিপলছ পাৰ্টিৰ (এনপিপি) নেতাৰ বাসগৃহত গ্ৰেনেড বিস্ফোৰণ।
এনপিপি নেতা তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী নিংথৌজাম দিটেনৰ উখংচাংস্থিত বাসগৃহত সংঘটিত হয় এই বিস্ফোৰণ।
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত এই গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয়।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, উখংচাঙৰ নিংথৌজাম দিটেনে থৌবাল জিলাৰ হেইৰোক বিধানসভাৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে। তেওঁৰ বাসগৃহটো নংপোক চেকমাই আৰক্ষী থানাৰ অন্তৰ্গত পৰে।
সন্ধিয়া প্ৰায় ৬.৪৫ বজাত দিটেনৰ বাসগৃহত হেণ্ড গ্ৰেনেডটো নিক্ষেপ কৰা হৈছিল। বিস্ফোৰণত কোনো আঘাতৰ খবৰ পোৱা নাই।
জানিব পৰা মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত নিংথৌজাম দিটেন তেওঁৰ সমষ্টিৰ এখন নিৰ্বাচনী সভাত ব্যস্ত আছিল।
আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰে।
আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানেও কোনো অপৰাধীক ধৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰোপৰি এতিয়ালৈকে কোনেও এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।





