উত্ততৰাখণ্ডত সন্ধানহীন পৰ্বতাৰোহীঃ ১৭ জনৰ ভিতৰত ১১ জনৰ মৃতদেহ উদ্ধাৰ বায়ু সেনাৰ…

উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা।

পৰ্বত আৰোহন কৰিবলৈ যায় সন্ধানহীন হোৱা ১৭ জনীয়া দলটোৰ ১১ জনৰ মৃতদেহ উদ্ধাৰ।

১৪ অক্টোবৰত পৰ্বতাৰোহন উদ্দেশ্যেৰে হিমাচল প্ৰদেশৰ কিন্নৌৰৰ চিটকুললৈ ৰাওনা হোৱা ১৭ জনীয়া দলটোৰ ইতিমধ্যে ১১ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বায়ু সেনাই।

দলটো ১৭ৰ পৰা ১৯ অক্টোবৰৰ ভিতৰত সন্ধানহীন হৈ পৰিছিল জানিব পৰা গৈছিল।

পৰ্বত আৰোহন কৰিবলৈ যোৱা এই দলটো নিৰুদ্দেশ হোৱাৰ পাছতেই সেনাই আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান।

এই ঘটনা সন্দৰ্ভত বৰ্তমানেও আন ৪ জন লোকক উদ্ধাৰৰ বাবে এনডিআৰএফৰ তিনিজন জোৱান মোতায়েন কৰাৰ লগতে এখন হেলিকপ্টাৰৰ (এএলএইচ) জৰিয়তে ওখ পাহাৰত উদ্ধাৰ অভিযান চলোৱা হৈছে। 

আনহাতে, ২১ অক্টোবৰত, এছ.ডি.আৰ.এফ. বাহনীৰ দলে এই দলটোৰ ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

ইফালে, ২২ অক্টোবৰত এএলএইচ-এ এজন জীৱিত ব্যক্তিক উদ্ধাৰ কৰে আৰু ১৬,৫০০ ফুট উচ্চতাত ৭ টা মৃতদেহ উদ্ধাৰ কৰিছিল।

ইফালে সন্ধানহীন হোৱা ৪জনৰ এতিয়াও কোনো তথ্য লাভ কৰা নাই উদ্ধাৰকাৰী দলে।

Leave a Comment