
মণিপুৰৰ পাহাৰীয়া জিলাসমূহত পুনৰ ভয়ংকৰ হিংসা; ৯ জনৰ মৃত্যু, কেইবাটাও বাসগৃহত অগ্নিসংযোগ
ইম্ফলঃ উত্তৰ-পূৰ্বাঞ্চলৰ অশান্ত ৰাজ্য মণিপুৰত পুনৰ উমি উমি জ্বলি উঠিছে হিংসাৰ জুই। পাহাৰীয়া জিলাসমূহত নতুনকৈ সংঘটিত শৃংখলাবদ্ধ আক্ৰমণৰ ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হৈছে। উপদ্ৰৱকাৰীয়ে এফালৰ পৰা জুই লগাই দিছে সাধাৰণ লোকৰ বাৰটাতকৈও অধিক বাসগৃহত। শুক্ৰবাৰে নিশা এগৰাকী মহিলা গুলীবিদ্ধ হৈ নিহত হোৱাৰ পিছতেই অঞ্চলটোত এই নতুন সংঘাতৰ সূত্ৰপাত ঘটে।

ঘটনাৰ বিৱৰণী অনুসৰি, কামজং জিলাৰ চাদ গাঁৱত অবৈধ বাংকাৰ উচ্ছেদৰ বাবে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীৰ এটা যৌথ দলে। এই অভিযানত মণিপুৰ আৰক্ষীৰ লগতে আছিল ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন আৰু বিএছএফৰ জোৱান। অভিযানৰ সময়ত একাংশ স্থানীয় মহিলাই সুৰক্ষা বাহিনীক বাধা দিবলৈ চেষ্টা কৰে। তেনে সময়তে অচিনাক্ত বন্দুকধাৰীয়ে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত নিহত হয় ডোমখোনী টৌথাং নামৰ ৪২ বছৰীয়া এগৰাকী মহিলা।
এই কাণ্ডৰ পিছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। ক্ষুব্ধ একাংশ লোকে গাঁওখনৰ কেইবাটাও বাসগৃহত জুই লগাই দিয়ে। ইফালে ঘটনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কুকি নাগৰিক সংগঠন আৰু কুকি মহিলা সন্থাই।
শনিবাৰে পুৱা চাদ গাঁৱতে আন এজন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ ঘটনাই পৰিস্থিতি অধিক বিষম কৰি তোলে। উত্তেজিত একাংশ লোকে স্থানীয় আৰক্ষী থানাত অগ্নিসংযোগৰো অপচেষ্টা চলায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কামজং জিলা প্ৰশাসনে থানা চৌহদৰ ৪০০ মিটাৰ ব্যাসাৰ্ধত তৎক্ষণাত সান্ধ্য আইনৰ দৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰে। একেখন জিলাৰে সীমান্তৱৰ্তী নিংচু গাঁৱৰ দুই নগা ভিলেজ গাৰ্ডকো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। ভাৰত-ম্যানমাৰ সীমান্তৰ ১০২ নং পিলাৰৰ সমীপত সংঘটিত হয় এই হত্যাকাণ্ড। মৃত গাৰ্ড দুজন নগাচানচো নিংশেন আৰু লেশীশান হাংয়ো বুলি চিনাক্ত কৰিছে টাংখুল নগা সংগঠনে।
ৰাজ্যখনৰ আন কেইবাটাও স্থানতো ধাৰাবাহিকভাৱে সংঘটিত হয় ৰক্তক্ষয়ী আক্ৰমণৰ ঘটনা। শনিবাৰে পুৱতি নিশা মাকুই গাঁৱত সশস্ত্ৰ দলৰ গুলীত তিনিজন নগা ভিলেজ গাৰ্ড নিহত হয়। কাংপোকপী জিলাৰ তপোন গাঁৱত সংঘটিত সংঘৰ্ষত এজন স্বেচ্ছাসেৱক নিহত হয়। আনহাতে এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় আন দুজন লোক। একেদৰে উখৰুল জিলাৰ কঞ্জাং গাঁৱতো সন্দীপ ৰায় নামৰ এজন ব্যক্তিক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই। উল্লেখ্য যে বিগত ফেব্ৰুৱাৰী মাহৰ পৰা দুয়ো জনগোষ্ঠীৰ মাজত চলা এই সংঘাতত এতিয়ালৈকে ৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।
ৰাজ্যখনৰ এই উত্তপ্ত পৰিস্থিতিৰ মাজতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে। সামাজিক মাধ্যমত এই বৈঠকৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বই মণিপুৰত শান্তি আৰু সমৃদ্ধি ঘূৰাই অনাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে।





