দেশৰ প্ৰকৃত নায়কৰ কাষত মণিপুৰ চৰকাৰ, শ্বহীদ জোৱানৰ ভাতৃক আৰক্ষীত নিযুক্তি

নিউজ ডেস্কঃ দেশৰ বাবে প্ৰাণ আহুতি দিয়া এজন শ্বহীদৰ পৰিয়ালৰ কাষত থিয় দি আদৰ্শ দাঙি ধৰিলে মণিপুৰ চৰকাৰে। শ্বহীদ বি এছ এফৰ কনিষ্টবল দীপক চিংগাখামৰ কনিষ্ঠ ভাতৃ চিংগাখাম নাওবা সিঙক সহকাৰী উপ-পৰিদৰ্শক (অসামৰিক আৰক্ষী) হিচাপে নিযুক্তিৰ বাবে অনুমোদন দিছে চৰকাৰে। শুকুৰবাৰে ৰাজ্যৰ গৃহ বিভাগে এক বিবৃতিত এই গুৰুত্বপূৰ্ণ তথ্য নিশ্চিত কৰে।

উল্লেখ্য যে, সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নং বেটেলিয়নত কৰ্মৰত আছিল কনিষ্টবল দীপক চিংগাখাম (২৫)। ভাৰতৰ ‘অপাৰেশ্যন সেন্দূৰ’ৰ পিছত সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে যোৱা ১০ মে’ত জম্মু-কাশ্মীৰ সীমান্তৰ আৰ এছ পুৰা ছেক্টৰত পাকিস্তানী বাহিনীৰ অপ্ৰৰোচিত গুলীচালনাত শ্বহীদ হয় কনিষ্টবল দীপক।

মণিপুৰ চৰকাৰৰ গৃহ বিভাগে প্ৰকাশ কৰা বিবৃতি অনুসৰি, দীপকৰ বীৰগতিৰ পিছত তেওঁৰ শোকসন্তপ্ত পিতৃয়ে তেওঁৰ কনিষ্ঠ পুত্ৰ চিংগাখাম নাওবা সিঙৰ বাবে উপযুক্ত ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে অনুৰোধ জনাইছিল। মণিপুৰৰ ভিতৰৰ বি এছ এফৰ চাকৰিৰ প্ৰস্তাৱ নাকচ কৰি পৰিয়ালটোৱে অন্য নিযুক্তি বিচাৰিছিল যাতে এই কঠিন সময়ত নাওবাই পৰিয়ালৰ ওচৰত থাকিব পাৰে।

WhatsApp Image 2025 07 11 at 21.41.52 a2ed9fea
দেশৰ প্ৰকৃত নায়কৰ কাষত মণিপুৰ চৰকাৰ, শ্বহীদ জোৱানৰ ভাতৃক আৰক্ষীত নিযুক্তি 2

গৱৰ্ণৰ ইন কাউন্সিলে এই আবেদনখন যথাযথভাৱে বিবেচনা কৰি ইয়াক ন্যায্য বুলি বিবেচনা কৰিছে। ৰাষ্ট্ৰীয় সেৱাত শ্বহীদ আৰু জাতীয় বীৰৰ পৰিয়ালক পোহপাল দিয়াৰ ৰাজ্যৰ মানৱীয় আৰু নৈতিক দায়িত্ব বিবেচনা কৰি এই ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ পূৰ্বে ১৫ মে’ত গৱৰ্ণৰ ইন কাউন্সিলে দীপকৰ পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানত অনুমোদন জনাইছিল।

Leave a Comment