মণিপুৰত ৰকেট সদৃশ বোমাৰ আক্ৰমণত দুই শিশুৰ কৰুণ মৃত্যু; গুৰুতৰভাৱে আহত মাতৃ

ইম্ফলঃ মণিপুৰৰ বিষ্ণুপুৰ জিলাত মঙলবাৰে সংঘটিত হয় এক অতি ভয়ংকৰ বোমা আক্ৰমণৰ ঘটনা। সন্দেহজনক ৰকেট বা মৰ্টাৰ সদৃশ শক্তিশালী বোমাৰ আক্ৰমণত দুটি নিস্পাপ শিশুৱে প্ৰাণ হেৰুওৱাৰ বিপৰীতে তেওঁলোকৰ মাতৃ বৰ্তমান হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি আছে। আজি পুৱতি নিশা মইৰাংস্থিত ট্ৰংলৌবী আৱাং লৈকাই নামৰ গাঁওখনত থকা এজন সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ বাসগৃহত এই আক্ৰমণ সংঘটিত হয়। ৰাজ্যখনৰ পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ স্পৰ্শকাতৰ সীমান্তত অৱস্থিত এই গাঁওখনত হোৱা এনে আক্ৰমণে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

image 18
মণিপুৰত ৰকেট সদৃশ বোমাৰ আক্ৰমণত দুই শিশুৰ কৰুণ মৃত্যু; গুৰুতৰভাৱে আহত মাতৃ 4

প্ৰাথমিক তথ্য অনুসৰি, ৰাজ্যৰ বাহিৰত কৰ্মৰত বি এছ এফ জোৱান ঐনাম মালেমঙ্গানবাৰ ঘৰত হঠাতে এটা প্ৰক্ষেপক আহি পৰাৰ ফলত এই শক্তিশালী বিস্ফোৰণ ঘটে। সমীপৰ পাহাৰীয়া অঞ্চলৰ পৰা কোনো সশস্ত্ৰ গোটে এই বোমা নিক্ষেপ কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। বিস্ফোৰণৰ সময়ত ঘৰৰ ভিতৰত থকা জোৱানজনৰ ৩৭ বছৰীয়া পত্নী ঐনাম ওংবী বিনিতা আৰু তেওঁৰ পাঁচ বছৰীয়া পুত্ৰৰ লগতে পাঁচ মহীয়া কেঁচুৱাটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিস্ফোৰণৰ প্ৰকোপত বাসগৃহটোৰো বিস্তৰ ক্ষতিসাধন ঘটে।

আঘাতপ্ৰাপ্ত আটাইকেইজনকে লগে লগে ইম্ফলৰ এখন হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে দুই শিশুৰ মৃত্যু ঘটে। আনহাতে, শৰীৰত বোমাৰ টুকুৰা সোমাই যোৱা মাতৃ বিনিতাৰ অৱস্থা এতিয়াও সংকটজনক বুলি জনাইছে চিকিৎসকে। গাঁওবাসীৰ মতে, পাহাৰৰ ওপৰৰ পৰা লক্ষ্য কৰি নিক্ষেপ কৰা এই দীৰ্ঘ দূৰত্বৰ অস্ত্ৰৰ শব্দই সমগ্ৰ অঞ্চলটো কঁপাই তুলিছিল। চুৰাচান্দপুৰ জিলাৰ পাদদেশত অৱস্থিত এই ট্ৰংলৌবী অঞ্চলটো পূৰ্বৰে পৰাই সশস্ত্ৰ গোটৰ সক্ৰিয়তাৰ বাবে স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈ আহিছে।

image 19

এই মৰ্মান্তিক হত্যাকাণ্ডৰ পাছতে উপত্যকাৰ জিলাসমূহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত একাংশ লোকে বিষ্ণুপুৰৰ মাজেৰে চুৰাচান্দপুৰ অভিমুখে গৈ থকা দুখন তেলৰ টেংকাৰ আৰু এখন ট্ৰাকত অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীসকলে মইৰাং আৰক্ষী থানাতো ভিৰ কৰি দোষীক কৰায়ত্ত কৰিবলৈ প্ৰশাসনক হেঁচা প্ৰয়োগ কৰে। পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকাত আজি ভৈয়ামৰ বহু স্কুল-কলেজ বন্ধ ৰখা হৈছে।

image 20
মণিপুৰত ৰকেট সদৃশ বোমাৰ আক্ৰমণত দুই শিশুৰ কৰুণ মৃত্যু; গুৰুতৰভাৱে আহত মাতৃ 5

বৰ্তমান অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰি হাই এলাৰ্ট জাৰি কৰিছে চৰকাৰে। ওচৰৰ পাহাৰীয়া অঞ্চলসমূহত দুষ্কৃতিকাৰীৰ সন্ধানত তালাচী অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে। স্থানীয় বিধায়ক থংগাম শান্তিয়ে এই কাপুৰুষালি আক্ৰমণক তীব্ৰ গৰিহণা দি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। মাহৰ পাছত মাহ ধৰি চলি থকা জনগোষ্ঠীয় সংঘাত আৰু হিংসাই মণিপুৰত এতিয়াও সাধাৰণ জনতাৰ জীৱন বিপন্ন কৰি ৰাখিছে।

Leave a Comment