মণিপুৰঅসমীয়া

১.৫ কােটি টকা মূল্যৰ বাৰ্মিজ চুপাৰী জব্দ আছাম ৰাইফলছৰ

নিউজ ডেস্ক। আছাম ৰাইফলছৰ সফলতা। আছাম ৰাইফলছ আৰু শুল্ক বিভাগে চলোৱা যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী।

শুকুৰবাৰে মিজােৰামৰ ম্যানমাৰ সীমান্তৰ ওচৰৰ চাম্ফাই জিলাৰ খুয়াংফা গাঁৱত চলোৱা এক যুটীয়া অভিযানৰ সময়ত প্ৰায় ৪০,০০০ কিলোগ্ৰাম বাৰ্মিজ চুপাৰী জব্দ কৰে। যিখিনিৰ মূল্য হ’ব প্ৰায় ১.৫৬ কোটি টকা।

শুল্ক বিভাগে পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে অবৈধ সামগ্ৰীবোৰ নিজৰ জিম্মাত লয়।

আছাম ৰাইফলছে এক বিবৃতিত কয়, নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা হৈছিল। বাৰ্মিজ চুপাৰীৰ চলিত চোৰাং ব্যৱসায় মিজোৰামৰ বাবে বিশেষকৈ ভাৰত-ম্যানমাৰ সীমান্তৰ বাবে চিন্তাৰ এক মুখ্য কাৰণ।

‘উত্তৰ-পূবৰ চেণ্টিনেল’ বুলি সঠিকভাৱে নামাকৰণ কৰা আছাম ৰাইফলছে মিজোৰামত চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *