মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ পথতে ভয়ংকৰ বাছ দুৰ্ঘটনা, কমেও ১৫ ছাত্ৰীৰ মৃত্যু

নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ১৫ গৰাকী ছাত্ৰীৰ।

চুবুৰীয়া ৰাজ্য মণিপুৰৰ ননে’ জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা।

জানিব পৰা মতে, বুধবাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দল।

image 114 edited
মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ পথতে ভয়ংকৰ বাছ দুৰ্ঘটনা, কমেও ১৫ ছাত্ৰীৰ মৃত্যু 4

দুখন বাছেৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে খোপুম অভিমুখে গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।

বাতৰি অনুসৰি, ননে’ জিলাৰ জৌজাংটেক আৰক্ষী থানাৰ অন্তৰ্হত লংছাই টুবুং গাঁৱৰ সমীপৰ বিষ্ণুপুৰ-খোপুম পথৰ সমীপত দুৰ্ঘটনাত পতিত হয় ছাত্ৰ-ছাত্ৰীৰ বাছ।

image 115
মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ পথতে ভয়ংকৰ বাছ দুৰ্ঘটনা, কমেও ১৫ ছাত্ৰীৰ মৃত্যু 5

এই ভয়ংকৰ দুৰ্ঘটনাটোত কমেও ১৫ গৰাকী ছাত্ৰী নিহত হোৱাৰ আশংকা কৰা হৈছে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ২০ জনৰো অধিক ছাত্ৰ-ছাত্ৰী।

image 116 edited
মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ পথতে ভয়ংকৰ বাছ দুৰ্ঘটনা, কমেও ১৫ ছাত্ৰীৰ মৃত্যু 6

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।