মেঘালয়

নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীৰ পৰা উত্তৰ-পূবৰ ৬১ জন আৰক্ষী বিষয়া উত্তীৰ্ণ

নিউজ ডেস্ক। আৰক্ষী প্ৰশিক্ষণৰ বাবে উত্তৰ-পূবৰ শীৰ্ষ প্ৰতিষ্ঠান হৈছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী।

এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুঠ ৬১ জন আৰক্ষী বিষয়াই নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীৰ পৰা উত্তীৰ্ণ হয়। যিয়ে যোৱা ছেপ্টেম্বৰত আৰম্ভ হোৱা ৪৮ তম মৌলিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।

প্ৰতিষ্ঠানখনৰ এজন মুখপাত্ৰই জনোৱা অনুসৰি, “এই দলৰ অৰুণাচল প্ৰদেশৰ মুঠ ১৬ জন উপ আৰক্ষী অধীক্ষক, ত্ৰিপুৰাৰ ১০ জন উপ আৰক্ষী অধীক্ষক, মণিপুৰৰ ৫ জন উপ-পৰিদৰ্শক, ছিকিমৰ ১০ জন উপ-পৰিদৰ্শক আৰু মেঘালয়ৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ২০ জন উপ-পৰিদৰ্শক সহ ১২ গৰাকী মহিলা বিষয়াই শুকুৰবাৰে স্নাতক ডিগ্ৰী লাভ কৰে।”

239630604-1953612874799187-1542822500525199388-n 240721010-1953612338132574-5503930416138185651-n 240799614-1953612548132553-2961629684511792227-n 240827944-1953613018132506-9004771387461721932-n

তেওঁ লগতে কয় যে, প্ৰশিক্ষণ আৰ্হি অনুসৰি প্ৰশিক্ষাৰ্থীসকলক আৰক্ষী বিজ্ঞান, আইনী অধ্যয়ন আৰু সামাজিক বিজ্ঞানৰ প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াৰ লগতে ড্ৰিল, অস্ত্ৰ প্ৰশিক্ষণ, শাৰীৰিক দক্ষতা, আৰক্ষীৰ অভিযান আৰু কৌশলৰ বাবে বাহ্যিক কাৰ্যকলাপৰ প্ৰশিক্ষণ দিয়া হৈছিল। ১১ মাহৰ প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলে ঘোঁৰা চালনা, সাঁতোৰ, প্ৰাথমিক চিকিৎসা আৰু মটৰ বাহন চলোৱাৰ প্ৰশিক্ষণ লৈছিল। জংঘল শিবিৰৰ এটা চমু মডিউলও আয়োজন কৰা হৈছিল। য’ত তেওঁলোকে বেষ্টনী আৰু অনুসন্ধান অভিযান চলাইছিল, এম্বুছ আৰু কাউণ্টাৰ এম্বুছ অভিযান চলাইছিল।

বিষয়াজনে কয় যে প্ৰশিক্ষাৰ্থীসকলক আৰক্ষী আৰু সম্পৰ্কিত বিষয়ত বিশিষ্ট অতিথি শিক্ষকৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগো দিয়া হৈছিল। মৌলিক প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ উপৰিও ৪৮ তম মৌলিক পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থীসকলে যোধপুৰৰ আৰক্ষী, সুৰক্ষা আৰু অপৰাধী ন্যায় বিশ্ববিদ্যালয়ৰ পৰা “আৰক্ষী প্ৰশাসন আৰু অনুসন্ধান”ত স্নাতকোত্তৰ ডিপ্ল’মা সফলতাৰে লাভ কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পুঁজি যোগান ধৰা নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী হৈছে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আৰক্ষী কৰ্মীসকলক আৰু সমগ্ৰ দেশৰ আৰক্ষী কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনক চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ আৰক্ষী বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ দায়িত্বও দিয়া হৈছে।

১৯৭৮ চনত ইয়াৰ আৰম্ভণিৰ পৰা প্ৰতিষ্ঠান খনে ৪৭ টা মৌলিক পাঠ্যক্ৰম পৰিচালনা কৰিছে। আৰু প্ৰতিষ্ঠানখনৰ পৰা বৰ্তমানলৈকে ৩,৭৭১ জন প্ৰশিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *