ৰেভ পাৰ্টিৰ মুল অভিযুক্ত বিশল চৌধুৰীক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ।
গুৱাহাটীৰ খাৰঘূলিত ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা মূল অভিযুক্ত বিশাল চৌধুৰীক গ্ৰেপ্তাৰ।
লতাশিল আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিশাল চৌধুৰীক।
বিশাল চৌধুৰী দিল্লীৰ পৰা গুৱাহাটীলৈ চাপ্লাই দিছিল কোকেইন।
অশোক বৰ্মণৰ স্বীকাৰোক্তিৰ ভিত্তিত দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিশালক।
উল্লেখ্য যে, ১৫ আগষ্টৰ আগনিশা গুৱাহাটীৰ খাৰঘূলিৰ এটা এপাৰ্টমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ কোকেইনৰ সৈতে আৰক্ষীয়ে আটক কৰিছিল ১৮ গৰাকী যুৱক-যুৱতীক।
বিশাল চৌধুৰীয়ে দিল্লীৰ পৰা গুৱাহাটীলৈ যোগান ধৰে কোকেইন-হেৰ’ইনকে আদি কৰি নিচাযুক্ত দ্ৰব্য।
ইয়াৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই বিশালক গ্ৰেপ্তাৰ কৰে।









